লখিমপুৰ,৬ জুন:লখিমপুৰত অৰুণাচল সংযোগী পথ অৱৰোধ । আঠটাকৈ জাতীয় সংগঠনৰ একত্র প্ৰতিবাদত কঁপি উঠিল ৰাজপথ (Arunachali killed two Assamese people) । সোমবাৰে ধেমাজি জিলাৰ জয়ৰামপুৰত অৰুণাচলীয়ে দুজনকৈ অসমীয়া লোকক গুলিয়াই হত্যা কৰা ঘটনাই সমগ্র ৰাজ্য জোকাৰি গৈছে (Assam Aruanchal border Firing issu) ।
বিভিন্ন দল সংগঠনে এই ঘটনাক তীব্র গৰিহণা দি দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰে । চৰকাৰীভাৱে অৰুণাচলীক কঠোৰভাৱে জবাব দিয়াৰ পোষকতা কৰে দল-সংঘঠনে । এই ঘটনাক লৈ সোমবাৰৰ পৰাই প্ৰতিবাদৰ জুই জ্বলিছে লখিমপুৰত । মুখ্যমন্ত্রীৰ পুত্তলিকা দাহ কৰাকে ধৰি বিভিন্ন প্ৰতিবাদী কাৰ্যসূচীৰে উত্তাল হৈ পৰিছে লখিমপুৰ জিলা (Firing in Assam Arunachal border) ।
মঙলবাৰে আঠটাকৈ জাতীয় সংগঠন একত্রিত হৈ পহুমৰাৰ পৰা কিমিনহৈ অৰুণাচল সংযোগী পথচোৱা অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদকাৰীসকলে অসম চৰকাৰে অৰুণাচলৰ বিৰুদ্ধে কঠোৰ ব্যবস্থা গ্রহণ নকৰাৰ বাবে বাৰে বাৰে অসমীয়াৰ তেজেৰে সীমান্ত ৰাঙলী হোৱা বুলি চৰকাৰক ককৰ্থনা কৰা পৰিলক্ষিত হয় (Clash in Assam Arunachal Border) ।