ধেমাজি, ৬ জুন :বিশ্ব পৰিৱেশৰ দিনাখন ধেমাজিৰ পাণবাৰীত সংঘটিত হৈছিল এক নিৰ্মম ঘটনা (2 killed in Assam Arunachal border shooting) । পৰিৱেশ দিৱস উপলক্ষে গছপুলি ৰুবলৈ গৈ অৰুণাচলীৰ আক্ৰমণত প্ৰাণ হেৰুৱালগীয়া হৈছিল দুগৰাকী অসমীয়া লোকে । অসম-অৰুণাচল সীমান্তৰ ধেমাজি জিলা গোগামুখ আৰক্ষী থানাৰ অধীনৰ জয়ৰামপুৰ পাণবাৰীত সংঘটিত হৈছিল এই নৃশংস ঘটনা (Assam Arunachal border conflict) ।
গছপুলি ৰোপণ কৰিবলৈ যোৱা নিৰস্ত্ৰ অসমীয়াৰ ওপৰত অৰুণাচলী দুৰ্বৃত্তই বৰ্বৰোচিতভাৱে গুলীচালনা কৰাৰ উপৰি দাৰে হানি-খুঁচি নৃশংসভাৱে হত্যা কৰিছিল দুগৰাকী নিৰীহ অসমীয়াক ৷ ইয়াৰ উপৰি আন চাৰিগৰাকী লোক গুৰুতৰভাৱে আহত হৈ সম্প্ৰতি ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয় আৰু ধেমাজি অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ৷ এই ঘটনাৰ পিছতে উত্তপ্ত হৈ পৰে ধেমাজি জিলা ৷ লগে লগে বিভিন্ন দল-সংগঠনে অসম আৰু অৰুণাচল চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৷
আনহাতে, দুৰ্বৃত্তক গ্ৰেপ্তাৰৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে প্ৰতিবাদ কৰি পথ অৱৰোধ কৰে ৷ ইয়াৰ পিছতে নিশাৰ ভাগত অৰুণাচলাৰ ল'ৱাৰ চিয়াং জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক আৰু অসমৰ ধেমাজি জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক আলোচনাত মিলিত হয় ৷ লগতে সোমবাৰে নিশাতে জিলা অভিভাৱক মন্ত্ৰী সঞ্জয় কিষাণ ধেমাজিত উপস্থিত হৈ দুৰ্বৃত্তক চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰি অসম আৰক্ষীৰ হাতত গতাই দিবলৈ অৰুণাচলৰ ল'ৱাৰ চিয়াং জিলাৰ প্ৰশাসনক দাবী জনায় ৷