নাওবৈচা, ৪ ছেপ্টেম্বৰ :প্ৰতিবাদত উত্তাল হ’ল লখিমপুৰ জিলাৰ নাওবৈচা ৷ এইবাৰ অৰুণাচলী দুৰ্বৃত্তৰ বিৰুদ্ধে নাওবৈচাৰ ভিতৰিপামৰ শুকান নদীৰ বক্ষত অৰ্ধ উলংগ হৈ প্ৰতিবাদত নামিল অসমীয়া যুৱ মঞ্চ সংগঠন লখিমপুৰ জিলা সমিতি ( Asomiya Yuva Mancha protest at Naoboicha) ৷
অৰুণাচলী দুৰ্বৃত্তই অসমৰ ভূমিত চলোৱা আগ্ৰাসনৰ লগতে শনিবাৰে অৰুণাচল প্ৰশাসনে অসম ভূমিত অবৈধভাৱে তম্বু স্থাপন কৰা ঘটনাৰ বিৰুদ্ধে দেওবাৰে সংগঠনটোৱে সাব্যস্ত কৰে এই তীব্ৰ প্ৰতিবাদ ৷ লগতে প্ৰতিবাদকাৰীৰ দাবী, ‘‘তেজ দিম অৰুণাচলীক মাটি নিদিও ৷ যদিহে অৰুণাচলীৰ কথা ভোল যায় অসমৰ মন্ত্ৰী-বিষয়াসকল তেন্তে অনাগত দিনত স্থানীয় ৰাইজৰ সহযোগত অসমীয়া যুৱ মঞ্চই জংগী আন্দোলন গঢ়ি তুলিব ৷ আনকি যদিহে এই আন্দোলনত কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ উদ্ভৱ হয়, তেন্তে ইয়াৰ বাবে জগৰীয়া হ’ব অসম চৰকাৰ ৷’’ আনকি প্ৰয়োজনত হেংদাং ল’বলৈয়ো কুণ্ঠাবোধ নকৰে বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে প্ৰতিবাদী অসমীয়া যুৱ মঞ্চৰ বিষয়ববীয়াই ৷ উল্লেখ্য যে, নাওবৈচা সীমান্তৱৰ্তী অসমৰ ভূমিত অৰুণাচলী লোকে আগ্ৰাসন চলাই স্থানীয় লোকক দীৰ্ঘদিন ধৰি সন্ত্ৰাস চলাই আহিছে ।