লখিমপুৰ, ২২ডিচেম্বৰ :সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ আমছুৰ বিৰুদ্ধে বুধবাৰে সৰৱ হৈ পৰে অসমীয়া যুৱ মঞ্চ(Asomiya Yuva Mancha protest at Lakhimpur)ৰ লখিমপুৰ জিলা সমিতি । লখিমপুৰ নগৰৰ মাজমজিয়াত আমছুৰ পুত্তলিকা দাহ কৰি সংগঠনটোৰ বিৰুদ্ধে হুংকাৰ দিয়ে অসমীয়া যুৱ মঞ্চই । আমছুক বাংলাদেশীৰ ৰক্ষক বুলিও ক্ষোভ উজাৰে প্ৰতিবাদকাৰীসকলে ।
যুৱ মঞ্চই আমছুক নিষিদ্ধ কৰিবলৈও চৰকাৰক দাবী জনায় । তেওঁলোকে লগতে অসম আৰু অসমীয়াৰ স্বাৰ্থ বিঘ্নিত কৰিব পৰা কথা ক’লে নাইবা কাম কৰিলে অসমীয়া যুৱ মঞ্চৰ মুকলি প্ৰত্যাহ্বানৰ সম্মুখীন হ’ব লাগিব বুলি আমছুক সকীয়াই দিয়ে প্ৰতিবাদকাৰীসকলে ৷ উল্লেখ্য যে, বিগত কেইবাদিন ধৰি আমছুৰ নেতৃত্বই বিধানসভা ঘেৰাও কৰাকে ধৰি বিভিন্ন মন্তব্য কৰাৰ অভিযোগ তুলি যুৱ মঞ্চই এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে (asomiya yuva mancha demands government to ban the amsu in assam) ৷