লখিমপুৰ, ৮ জুন : প্ৰত্যাহাৰ কৰা হ’ল লখিমপুৰ ধেমাজি জিলা বন্ধৰ কাৰ্যসূচী ৷ লখিমপুৰ আৰু ধেমাজি জিলাৰ আৰক্ষী তথা প্ৰশাসনৰ সৈতে আলোচনাত মিলিত হৈ অসমীয়া যুৱ মঞ্চই সাময়িকভাৱে বাতিল কৰিছে এই বন্ধৰ কাৰ্যসূচী (Asomiya Yuva Mancha Bandh called off)।
উল্লেখ্য যে, অৰুণাচল সীমান্তৱৰ্তী জয় ৰামপুৰৰ পানবাৰীত বিশ্ব পৰিৱেশ দিৱসৰ দিনাই অৰুণাচলীৰগুলীচালনাত দুজনকৈ অসমীয়া লোকৰ মৃত্যু হৈছিল (Assam Arunachal border firing issu) ৷ যাৰ প্ৰতিবাদত আজি অৰ্থাৎ বৃহস্পতিবাৰে অসমীয়া যুৱ মঞ্চই আহ্বান জনোৱা ১২ ঘন্টীয়া লখিমপুৰ ধেমাজি জিলা বন্ধ কাৰ্যসূচী গ্ৰহণ কৰিছিল ৷
কিন্তু এই বন্ধৰ পূৰ্বে অৰ্থাৎ বুধবাৰে নিশা অসমীয়া যুৱ মঞ্চৰ সদস্যসকলে লখিমপুৰ আৰু ধেমাজি জিলাৰ আৰক্ষী প্ৰশাসনৰ সৈতে আলেচনাত মিলিত হয় ৷ এই আলোচনাত দুয়োখন জিলাৰ সীমান্তৱৰ্তী এলেকাত আৰক্ষী তথা প্ৰশাসন প্ৰতি মূহুৰ্তে তৎপৰ হৈ আছে বুলি উল্লেখ কৰে ৷
লগতে এনে ঘটনাৰ পুনৰাবৃত্তি নহ’বৰ বাবে আৰক্ষী তথা প্ৰশাসন সদা সষ্টম হৈ আছে বুলি অসমীয়া যুৱ মঞ্চৰ সদস্যসকলক নিশ্চিতি কৰে ৷ আৰক্ষী তথা প্ৰশাসনৰ এই আশ্বাসত আশ্বস্ত হৈ সাময়িকভাৱে বন্ধৰ কাৰ্যসূচী প্ৰত্যাহাৰ কৰে সংগঠনটোৱে ৷