লখিমপুৰ, 8 ছেপ্টেম্বৰ :লখিমপুৰত জিলা সভাপতি সহ অসমীয়া যুৱ মঞ্চৰ তিনিজন নেতাক গ্ৰেপ্তাৰ কৰা হৈছিল ৷ ইয়াৰ পিচতে শুকুৰবাৰে বিয়লি তিনি নেতাকে জেললৈ প্ৰেৰণ কৰে ৷ ফলস্বৰূপে সংগঠনটোৱে তিনি নেতাক বিনাচৰ্তে মুক্তি দিয়াৰ দাবীত শনিবাৰে 9 ছেপ্টেম্বৰত পুৱা ছয় বজাৰ পৰা 12 ঘন্টীয়া লখিমপুৰ জিলা বন্ধৰ আহ্বান জনাইছে।
এজন বহিঃৰাজ্যৰ যুৱকক কাণত ধৰাই আঠু কঢ়োৱা এটা ভিডিঅ’ ভাইৰেল হোৱাৰ পিচতেই আৰক্ষীয়ে তিনি নেতাক গ্ৰেপ্তাৰ কৰিছিল ৷ কাৰাৰুদ্ধ তিনি নেতা হৈছে লখিমপুৰ জিলা সমিতিৰ সভাপতি চিৰঞ্জিত বৰদলৈ, লখিমপুৰ আঞ্চলিক সমিতিৰ সম্পাদক দিপাংকৰ নাথ আৰু সদস্য লক্ষীকান্ত দাস। তেওঁলোকক লখিমপুৰ সদৰ থানাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি শুকুৰবাৰে বিয়লি আদালতত হাজিৰ কৰি জেললৈ প্ৰেৰণ কৰে।
উল্লেখ্য যে, চাৰিদিনমানৰ পূৰ্বে লখিমপুৰ নগৰ এলেকাত অসমীয়া যুৱ মঞ্চৰ জিলা সভাপতি চিৰঞ্জিত বৰদলৈয়ে এজন অনা অসমীয়া যুৱকক কাণত ধৰাই আঠু কঢ়াইছিল। যুৱকজনে অসমীয়া বিদ্বেষী মন্তব্য কৰাৰ বাবে এনেদৰে বহিঃৰাজ্যৰ যুৱকজনক আঠু কঢ়াইছিল বুলি জানিব পৰা গৈছে। পিচে এনেদৰে যুৱকজনক আঠু কঢ়াই কাণত ধৰোৱা ভিডিঅ’টো ভাইৰেল হৈ পৰে।
একাধিক পৰ্টেলে এই ভিডিঅ’টো সম্প্ৰচাৰো কৰে। এই ভিডিঅ’টো প্ৰত্যক্ষ কৰি আৰক্ষী তৎপৰ হৈ পৰে। বৃহস্পতিবাৰে প্ৰথমে চিৰঞ্জিত বৰদলৈক আটক কৰাৰ পাচত দিপাংকৰ আৰু লক্ষীকান্তকো আটক কৰে আৰক্ষীয়ে। তেওঁলোকক সোধা পোছা কৰাৰ অন্তত শুকুৰবাৰে তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰি আৰক্ষীয়ে তিনিও নেতাকে গ্ৰেপ্তাৰ কৰে ৷