অসম

assam

ETV Bharat / state

মূল্যবৃদ্ধিৰ বিৰুদ্ধে লখিমপুৰত অসমীয়া যুৱ মঞ্চৰ প্ৰতিবাদ

প্ৰতিবাদত উত্তাল হ’ল লখিমপুৰ চহৰ ৷ নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ লগতে পেট্ৰ’ল-ডিজেলৰ আকাশলংঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদত বহিল এইবাৰ অসমীয়া যুৱ মঞ্চ (Asomiya Yuba Mancha protest against price hike) ৷

By

Published : Mar 31, 2022, 2:22 PM IST

মূল্যবৃদ্ধিৰ বিৰুদ্ধে লখিমপুৰত অসমীয়া যুৱ মঞ্চৰ প্ৰতিবাদ
মূল্যবৃদ্ধিৰ বিৰুদ্ধে লখিমপুৰত অসমীয়া যুৱ মঞ্চৰ প্ৰতিবাদ

লখিমপুৰ, ৩১ মাৰ্চ : নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ সমান্তৰালকৈ ৰাজ্যত ধাৰাবাহিকভাৱে বৃদ্ধি পাইছে পেট্ৰ’লজাত সামগ্ৰীৰ মূল্য(Price hike in fuel)৷ ৰাজ্যত অভাৱনীয়ভাৱে হোৱা সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে জলা-কলা খুৱাইছে সাধাৰণ ৰাইজক (Price hike in Assam) ৷ এমুঠি অন্নৰ বাবে এতিয়া হাহাকাৰ কৰিব লগাত পৰিছে সাধাৰণ ৰাইজ ৷

ইফালে মূল্যবৃদ্ধি ৰোধৰ বাবে চৰকাৰৰ বিৰুদ্ধে প্ৰতিদিনে প্ৰতিবাদত বহিছে বিভিন্ন দল-সংগঠন ৷ তথাপিও গা লৰা নাই চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষৰ ৷ মূল্যবৃদ্ধিৰ বিৰুদ্ধে আজি অৰ্থাৎ বৃহস্পতিবাৰে পুনৰ তেনে এক প্ৰতিবাদী কাৰ্যসূচীয়ে জোকাৰি গ’ল লখিমপুৰ চহৰ ।

মূল্যবৃদ্ধিৰ বিৰুদ্ধে লখিমপুৰত অসমীয়া যুৱ মঞ্চৰ প্ৰতিবাদ

লখিমপুৰ নগৰৰ মাজ-মজিয়াত মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদত বহিল অসমীয়া যুৱ মঞ্চ (Asomiya Yuba Mancha protest in Lakhimpur)। প্ৰতিবাদস্থলীতেই যোগান মন্ত্ৰীৰ পুত্তলিকা দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীসকলে (Minister Ranjit Das' effigy burnt in Lakhimpur) । শীঘ্ৰে যদিহে চৰকাৰে মূল্যবৃদ্ধি ৰোধ নকৰে তেন্তে অনাগত দিনত জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰীসকলে ৷

লগতে পঢ়ক :মূল্যবৃদ্ধিৰ বিৰুদ্ধে নলবাৰীত AJYCP ৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details