বিহপুৰীয়া, ৪ ফেব্ৰুৱাৰী: ২০২২ চনত লখিমপুৰ জিলাৰ নাৰায়ণপুৰত অনুষ্ঠিত হ'বলগীয়া অসম সাহিত্য সভা অধিৱেশনৰ প্ৰস্তুতি ইতিমধ্যে পূৰ্ণগতিত আৰম্ভ হৈছে । অসম সাহিত্য সভাৰ শতদল শাখাৰ স্বীকৃতি প্ৰাপ্ত নাৰায়ণপুৰ শাখা সাহিত্য সভাৰ আমন্ত্ৰণমৰ্মে আগন্তুক ২০২২ চনত অনুষ্ঠিত হ'বলগীয়া অসম সাহিত্য সভাৰ পূৰ্ণাংগ অধিৱেশনখনৰ ওপৰত বুধবাৰে এক সংবাদমেল আয়োজন কৰি প্ৰস্তুতি সমিতিয়ে এই কথা জানিবলৈ দিয়ে । অধিৱেশনত অংশগ্ৰহণ কৰিবলৈ অহা দেশখনৰ লগতে ৰাজ্যৰ পাঁচশগৰাকী বিশিষ্ট অতিথি আৰু তিনি হেজাৰ গৰাকী প্ৰতিনিধিক ৰাখিব পৰাকৈ নাৰায়ণপুৰ নগৰৰ বিভিন্ন স্থানত অতিথিশালাৰ সুব্যৱস্থা কৰা হৈছে ।
উল্লেখ্য যে,মাধৱদেৱ বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ ২০১৮-২০ কাৰ্যবৰ্ষৰ ষষ্ঠ পূৰ্ণাংগ কাৰ্যনিৰ্বাহক সভাই আৰু অসম সাহিত্য সভাৰ পঞ্চসপ্ততিতম শুৱালকুছি অধিৱেশনৰ প্ৰতিনিধি সভাই অনুমোদন সাপেক্ষে বাৰ-বৈষ্ণৱৰ জন্মস্থান নাৰায়ণপুৰত ২০২২ বৰ্ষৰ পূৰ্ণাংগ দ্বি-বাৰ্ষিক অধিবেশন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। অতিমাৰীৰ বাবে অধিৱেশনৰ প্ৰাৰম্ভিক কাম-কাজ স্থবিৰ হৈ পৰিছিল যদিও শেহতীয়াকৈ যোৱা বৰ্ষৰ ডিচেম্বৰ মাহত অনুষ্ঠিত হোৱা প্ৰতিনিধিমূলক ৰাজহুৱা সভাই প্ৰাক-প্ৰস্তুতি সমিতি গঠন কৰাৰ পিছত অধিৱেশনৰ প্ৰস্তুতি দ্ৰুতগতিত আগবঢ়োৱা হৈছে ।