অসম

assam

ETV Bharat / state

অৰুণাচলীৰ আগ্ৰাসনৰ বিৰুদ্ধে লখিমপুৰত তীব্ৰ প্ৰতিবাদ - ৰঙা সংৰক্ষিত বনাঞ্চল

ৰঙা সংৰক্ষিত বনাঞ্চলৰ বেলবস্তিৰ মাজেৰে অসমৰ ভূমি দখল কৰি অৰুণাচল চৰকাৰে নিৰ্মাণ কৰিছে বৃহৎ পথ ৷ উক্ত ঘটনাক কেন্দ্ৰ কৰি সীমান্ত অঞ্চলত তীব্ৰ উত্তেজনা বৃদ্ধি পাইছে স্থানীয় দল সংগঠনৰ সদস্য সকলৰ ৷

Ashomiya Juya Mancha Protest Against forest_department At Lakhimpur
অৰুণাচলীৰ আগ্ৰাসনৰ বিৰুদ্ধে লখিমপুৰত তীব্ৰ প্ৰতিবাদ

By

Published : Jul 19, 2020, 7:10 PM IST

নাওবৈচা, 19 জুলাইঃ লখিমপুৰ জিলাৰ সীমান্তৱৰ্তী বেলবস্তিত বন বিভাগৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে অসমীয়া যুৱ মঞ্চৰ সদস্য সকলে ৷ ইতিমধ্যে অসমৰ ভূমিত অৰুণাচল চৰকাৰে নিৰ্মাণ কৰিছে সুদীৰ্ঘ পথ ৷

বিগত বহু বছৰ ধৰি অসম-অৰুণাচল সীমান্তৱৰ্তী ৰামপুৰ বন খণ্ডৰ বেলবস্তিত অৰুণাচলীৰ আগ্ৰাসন অব্যাহত আছে ৷ ৰঙা সংৰক্ষিত বনাঞ্চলৰ বেলবস্তিৰ মাজেৰে অসমৰ ভূমি দখল কৰি অৰুণাচল চৰকাৰে নিৰ্মাণ অব্যাহত ৰাখিছে বিশাল পথৰ ৷ অৰুণাচলৰ দৈ মুখৰ পৰা কিমিন পৰ্যন্ত নিৰ্মাণ অব্যাহত থকা অৰুণাচলৰ এই পথটোৰ সৰহ খিনিয়েই নিৰ্মান হৈছে অসমৰ ভূ-খণ্ডত ৷ শেহতীয়াভাৱে বনাঞ্চলখনৰ ৰামপুৰ বনখণ্ডৰ অধীনৰ এই বেল বস্তিত দ্ৰুত গতিত নিৰ্মাণ অব্যাহত আছে যদিও কোনো কাণসাৰ নাই জিলা প্ৰশাসনৰ লগতে জিলা বন বিষয়া গৰাকীৰ ৷

অৰুণাচলীৰ আগ্ৰাসনৰ বিৰুদ্ধে লখিমপুৰত তীব্ৰ প্ৰতিবাদ

উক্ত ঘটনাক কেন্দ্ৰ কৰি অসমীয়া যুৱ মঞ্চই দেওবাৰে বেলবস্তিত চৰকাৰ প্ৰশাসনৰ আৰু বন বিভাগৰ বিৰুদ্ধে সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ ৷ প্ৰতিবাদকাৰী সকলে জিলা বন বিষয়া যাদৱ চন্দ্ৰ নাথৰ পুত্তলিকা দাহ কৰাৰ লগতে চৰকাৰৰ প্ৰশাসনৰ বিৰুদ্ধে বিভিন্ন শ্ল'গান দি পৰিৱেশ উত্তাল কৰি তোলে সমগ্ৰ অঞ্চলটো ৷ অতি শীঘ্ৰে প্ৰশাসনক উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী তোলে প্ৰতিবাদকাৰী সকলে ৷

লগতে পঢ়ক-জটিল ৰোগত আক্ৰান্ত লোকক অৱহেলা হাফলং প্ৰশাসনৰ

ABOUT THE AUTHOR

...view details