লখিমপুৰ, 28 এপ্রিল : অপৰাধী সাৱধান ! কোনো কাৰণতে অপৰাধীক সাৰি যাবলৈ নিদিয়ে অসম আৰক্ষীয়ে । শুকুৰবাৰে লখিমপুৰত অনুষ্ঠিত এক অনুষ্ঠানৰ পৰা ৰাজ্যৰ অপৰাধীলৈ এনেদৰে সাৱধানবাণী শুনায় মন্ত্রী অশোক সিংহলে । লখিমপুৰৰ লীলাবাৰীত অৱস্থিত ত্ৰয়োদশ অসম আৰক্ষী বেটেলিয়নৰ দীক্ষান্ত সমাৰোহত অংশগ্রহণ কৰি মন্ত্রী সিংহলে এনেদৰে অপৰাধীলৈ সতৰ্কবাৰ্তা দিয়ে । লখিমপুৰ নগৰৰ সমীপৰ লীলাবাৰীত থকা ত্ৰয়োদশ অসম আৰক্ষী বেটেলিয়নত আয়োজন কৰা হয় দীক্ষান্ত সমাৰোহ আৰু এই সমাৰোহত ভাষণ প্ৰদান কৰি সমাজৰ অপশক্তিৰ বিৰুদ্ধে সতৰ্ক বাণী শুনায় মন্ত্রী সিংহলে (Assam Police 13 th Convocation Ceremony) ।
সিংহলে প্ৰশিক্ষণ সমাপ্ত কৰা আৰক্ষী জোৱানসকলক শুভেচ্ছা জনাই আৰক্ষীৰ মূলমন্ত্র 'জনহিত জনহিতাৰ্থে' মনত ৰাখি সমাজৰ মংগলৰ হকে কাম কৰি যাবলৈ আহ্বান জনায় । উল্লেখ্য যে, এক গাম্ভীৰ্যপূৰ্ণ পৰিবেশত শুকুৰবাৰে লখিমপুৰ জিলাৰ লীলাবাৰীত অৱস্থিত 13 নং অসম আৰক্ষী বেটেলিয়ন কেম্পত অনুষ্ঠিত হয় এই দীক্ষান্ত সমাৰোহৰ । আজিৰ দিনটোৰ পৰাই ৰাইজৰ সেৱাত ব্ৰতী হোৱাৰ বাবে শপত ল’লে 12, 13 আৰু 22 বেটেলিয়নৰ 569 গৰাকী জোৱানে । উল্লেখ কৰা প্ৰয়োজন যে, 43 টাকৈ সপ্তাহৰ কঠোৰ প্ৰশিক্ষণৰ অন্তত এই 569 গৰাকী আৰক্ষী জোৱানে শুকুৰবাৰৰ পৰা আত্মনিয়োগ কৰিব অসম আৰক্ষীত । এই অনুষ্ঠানত উপস্থিত থাকি নৱনিযুক্ত জোৱানসকললৈ মন্ত্ৰী অশোক সিংহলে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে (13 th Assam Police Convocation Ceremony in Lakhimpur) ।