অসম

assam

ETV Bharat / state

পূৰ্ব বংগীয় মূলৰ মুছলমান সকলে মাতৃভাষা অসমীয়া লিখক : আব্দুল ছাত্তাৰ

লখিমপুৰৰ পানধোৱা হাইস্কুলত সোমবাৰে দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে লখিমপুৰ জিলাৰ নাওবৈচাৰ পাভ শাখা সাহিত্য সভাৰ নৱম দ্বি-বাৰ্ষিক সন্মিলন খন অনুষ্ঠিত হয় ৷ অধিবেশনখনিৰ মুকলি সভাৰ সভাপতিত্ব কৰে জিলা সাহিত্য সভাৰ সভাপতি বিপুল শৰ্মা বৰুৱাই।

Pabha Sakha sahitya Sabah meeting held At Nowboicha
পূৰ্ব বংগীয় মূলৰ মুছলমান সকলে মাতৃ ভাষা অসমীয়া লিখকঃ সভাপতি আব্দুল ছাত্তাৰ

By

Published : Jan 25, 2021, 7:39 PM IST

নাওবৈচা, 25 জানুৱাৰী : অসম সাহিত্য সভাৰ অন্যতম শাখা হৈছে লখিমপুৰ জিলাৰ নাওবৈচাৰ পাভ শাখা সাহিত্য সভা ৷ পাভ সাহিত্য সভাৰ নৱম দ্বি-বাৰ্ষিক আৰু আজীৱন সদস্য-সদস্যাৰ প্ৰীতি সন্মিলনখনি সোমবাৰে সংখ্যালঘু বসতি প্ৰধান লখিমপুৰৰ পানধোৱা হাই স্কুলত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায়। লখিমপুৰ জিলা সাহিত্য সভাৰ একমাত্ৰ সংখ্যালঘু লোকে প্ৰতিনিধিত্ব কৰা পাভ শাখা সাহিত্য সভাৰ নৱম দ্বি-বাৰ্ষিক অধিবেশনখনি মুকলি সভাৰ সভাপতিত্ব কৰে জিলা সাহিত্য সভাৰ সভাপতি বিপুল শৰ্মা বৰুৱাই।

পাভ শাখা সাহিত্য সভাৰ সম্পাদক আব্দুল ছাত্তাৰ আঁত ধৰা সভাখনিত মুখ্য অতিথি হিচাপে উপস্থিত থাকে জিলা সাহিত্য সভাৰ উপ সভাপতি গুণ ভূঞা ৷ তেওঁ ভাষণ প্ৰসংগত কয় য়ে, অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰাৰ ক্ষেত্ৰত পূৰ্ব বংগীয় মুছলমান লেখক সকলৰ অৱদান অপৰিসীম। তেওঁলোকে নীৰৱে সাহিত্য চৰ্চা অব্যাহত ৰাখি অসমীয়া এই বিশাল সাহিত্য ভাণ্ডাৰক নতুন ৰূপত সজাই তোলা বুলি উল্লেখ কৰে।

পূৰ্ব বংগীয় মূলৰ মুছলমান সকলে মাতৃ ভাষা অসমীয়া লিখকঃ সভাপতি আব্দুল ছাত্তাৰ

সভাখনত বিশিষ্ট অতিথি হিচাপে অংশ গ্ৰহণ কৰি পাভ শাখা সাহিত্য সভাৰ সভাপতি আব্দুল ছাত্তাৰে পূৰ্ব বংগীয় মুছলমানে ২০২১ চনৰ লোক পিয়লত পূৰ্ব বংগীয় মূলৰ মুছলমান সকলে মাতৃ ভাষা অসমীয়া লিখাৰ বাবে আহ্বান জনায় । লগতে পূৰ্ব বংগীয় মূলৰ মুছলমান সকলক সমাজৰ লোকে তুচ্ছ-তাচ্ছিল্য কৰি অহাকলৈ কোনো গুৰুত্ব নিদিবলৈও সভাপতি আব্দুল ছাত্তাৰে আহ্বান জনায়।

ইফালে সভাখনত পৰ্যবেক্ষক হিচাপে উপস্থিত থাকি লখিমপুৰ জিলা সাহিত্য সভাৰ সাধাৰণ সম্পাদক নৱ কমল বৰাই পূৰ্ব বংগীয় মূলৰ মুছলমান লোক সকলৰ একান্ত আন্তৰিকতাৰ বাবেই পাভ শাখা সাহিত্য সভাই নৱম বছৰত ভৰি দিয়াটো অসম সাহিত্য সভাৰ বাবেই গৌৰৱৰ বিষয় হিচাপে বিবেচিত হৈ ৰ'ব বুলি মন্তব্য কৰে।

লগতে পঢ়ক-বাৰিষা বান খৰালি খহনীয়াৰে ৰাইজৰ দুখ হৈ পৰিছে সোৱণশিৰি

ABOUT THE AUTHOR

...view details