অসম

assam

By

Published : Dec 6, 2020, 4:44 PM IST

ETV Bharat / state

অস্তিত্বৰ সংকটত নাওবৈচা হস্ত তাঁত প্ৰশিক্ষণ কেন্দ্ৰ

চৰম অস্তিত্বৰ সংকটত নাওবৈচাৰ হস্ততাঁত বস্ত্ৰ প্ৰশিক্ষণ কেন্দ্ৰ ৷ জহি খহি যাবলৈ ধৰিছে কেন্দ্ৰটোৰ ঘৰ দুৱাৰৰ লগতে সা-সজুঁলিবোৰ ৷ অতি শীঘ্ৰে কেন্দ্ৰটো পুনৰুজ্জীৱিত কৰিবলৈ চৰকাৰক আহ্বান জনাইছে সচেতন ৰাইজে ৷

As_01_ lkhm/HandLoom&Textile/training/centre/Destroyed/340028_VIS
অস্তিত্বৰ সংকটত নাওবৈচা হস্ত তাঁত প্ৰশিক্ষণ কেন্দ্ৰ!

নাওবৈচা,৬ ডিচেম্বৰঃ গ্ৰাম্য অঞ্চলৰ নিবনুৱা যুৱক যুৱতী সকলক হস্ততাঁত বস্ত্ৰ প্ৰশিক্ষণৰ জড়িয়তে স্বাৱলম্বী কৰি তোলাৰ লক্ষ্যৰে ১৯৮৫ চনতে স্থাপন হৈছিল লখিমপুৰ জিলাৰ নাওবৈচাত হস্ততাঁত বস্ত্ৰ প্ৰশিক্ষণ কেন্দ্ৰ ৷ দুৰ্ভাগ্যজনক কথা যে, চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰ শিল্প বিভাগৰ অধীনত তথা লখিমপুৰ জিলাৰ নাওবৈচাস্থিত বয়ন সম্প্ৰসাৰণ সেৱা কেন্দ্ৰটো বৰ্তমান চৰকাৰৰ হেমাহি তথা বিভাগটোৰ শীৰ্ষ বিষয়া সকলৰ চূড়ান্ত অমনোযোগিতাৰ বাবেই এতিয়া অস্তিত্বৰ সংকটত পৰা বুলি অভিযোগ কৰিছে স্থানীয় ৰাইজৰ লগতে স্বয়ং কেন্দ্ৰটোৰেই কৰ্মচাৰী সকলে।

অস্তিত্বৰ সংকটত নাওবৈচা হস্ত তাঁত প্ৰশিক্ষণ কেন্দ্ৰ!

উল্লেখ্য যে, ৰাজ্যখনত প্ৰথম বাৰলৈ ক্ষমতাৰ দখললৈ অহা অগপৰ চৰকাৰৰ দিনতে প্ৰয়াত বিধায়ক জগত হাজৰিকাৰ একান্ত প্রচেষ্টাত ১৯৮৫ চনতে নাওবৈচাত স্থাপন কৰা হৈছিল হস্ততাঁত বস্ত্ৰ প্ৰশিক্ষণ কেন্দ্ৰটো ৷ উক্ত কেন্দ্ৰটোত বৰ্তমান চাৰিজন বিষয়া আৰু কৰ্মচাৰীৰে কাৰ্য সম্পাদন কৰি আছে বুলি জানিবলৈ পোৱা গৈছে যদিও প্ৰশিক্ষণ কেন্দ্ৰটোত মাত্ৰ দুগৰাকী কৰ্মচাৰীহে নিয়মীয়াকৈ উপস্থিত হয় বুলি গুৰুতৰ অভিযোগ উঠিছে ৷ আনহাতে আন একাংশ কৰ্মচাৰীয়ে আকৌ কাৰ্যালয়টোত উপস্থিত নোহোৱাকৈয়ে দীৰ্ঘ দিন ধৰি চৰকাৰৰ পৰা দৰমহা লৈ আছে বুলি অভিযোগ কৰিছে স্থানীয় লোক সকলে ৷

ইফালে গ্ৰামাঞ্চলৰ দৰিদ্ৰ শিপিনীসকলক চৰকাৰীভাৱে সূতা যোগান ধৰি শিপিনী সকলৰ দ্বাৰা উৎপাদিত বিভিন্ন ধৰণৰ কাপোৰ বিক্ৰী কৰাৰ লগতে স্বাৱলম্বিতাৰ দিশটো আগুৱাই নিয়াৰ লক্ষ্যৰে স্থাপন হোৱা কেন্দ্ৰটোৰ প্ৰতি ৰাইজ তথা শিপিনী সকলৰ বৰ্তমান মূহভংগ হোবা পৰিলক্ষিত হৈছে । ইফালে কেন্দ্রটোত বৰ্তমান সীমিত সংখ্যক শিপিনীয়ে জড়িত হৈ আছে বুলি জানিবলৈ পোৱা গৈছে ।

আনফালে, বয়ন সম্প্ৰসাৰণ কেন্দ্ৰটোৰ লগতে থকা হস্ততাঁত বস্ত্ৰ প্ৰশিক্ষণ কেন্দ্ৰটোও বৰ্তমান জহি খহি ভূত বাংলালৈ পৰিণত হৈছে । উক্ত প্ৰশিক্ষণ কেন্দ্ৰটোত এযোৰ তাঁতশাল, কেইযোৰমান চকী টেবুলৰ বাহিৰে কোনো প্ৰশিক্ষক তথা প্ৰশিক্ষাৰ্থী দেখিবলৈ পোৱা নাযায় । জানিব পৰা মতে, চৰকাৰী ভাৱে মাহিলি মাত্ৰ ৮০ টকাকৈহে জলপানি প্ৰদান কৰাত কেন্দ্ৰটোৰ প্ৰতি এতিয়া যুৱক-যুৱতী সকলে আগ্ৰহ প্ৰকাশ নকৰা হৈছে ।

মাত্ৰ চৰকাৰী ধন শৰাধ কৰি ৰাইজৰ হকে স্থাপন কৰা কেন্দ্রটোত নিয়োজিত কৰ্মচাৰী সকলক দৰমহা দিয়াৰ বাহিৰে ৰাইজৰ একো উন্নয়ন হোৱা নাই বুলি গুৰুতৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে । সেয়েহে অতি শীঘ্ৰে শিক্ষিত নিবনুৱা যুৱক-যুৱতী সকলৰ স্বাৱলম্বিতাৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰটো পুনৰুজ্জিৱিত কৰিবলৈ চৰকাৰক আহ্বান জনাইছে স্থানীয় লোক সকলে ।

লগতে পঢ়ক-দুৰ্নীতিৰ ৰজা হিমন্তই হাগ্ৰামাক গালি দিয়াটো শোভা নাপায় : দুৰ্গা দাস বড়ো

ABOUT THE AUTHOR

...view details