অসম

assam

ETV Bharat / state

Opened fire on the Arunachal border: লখিমপুৰৰ অৰুণাচল সীমান্তত অৰুণাচলীয়ে চলালে গুলী

লখিমপুৰত পুনৰ উত্তপ্ত অৰুণাচল সীমান্ত । জয়ৰামপুৰৰ ঘটনাৰ প্ৰতিক্ৰিয়া মাৰ নৌযাওঁতেই শনিবাৰে বিয়লি লখিমপুৰত পুনৰ উত্তপ্ত হ’ল অৰুণাচল সীমান্ত ৷ ৰামপুৰৰ ২নং বেল’বস্তি জুটুলী বাগানত বন বিভাগক ভীতিগ্ৰস্ত কৰিবলৈ অৰুণাচলীয়ে চলালে গুলী ।

By

Published : Jun 17, 2023, 8:04 PM IST

Arunachal people opened fire on the Arunachal border
অৰুণাচলীয়ে চলালে গুলী

লখিমপুৰ, ১৭ জুন : অৰুণাচল সীমান্তৱৰ্তী জয়ৰামপুৰৰ ঘটনাৰ প্ৰতিক্ৰিয়া মাৰ নৌযাওঁতেই শনিবাৰে বিয়লি লখিমপুৰত পুনৰ উত্তপ্ত হ’ল অৰুণাচল সীমান্ত । অসমৰ বন বিভাগ, আৰক্ষীক ভীতিগ্ৰস্ত কৰিবলৈ এক ৰাউণ্ড গুলী চলালে অৰুণাচলীয়ে ।

অৰুণাচলীয়ে চলালে গুলী

লখিমপুৰৰ অসম-অৰুণাচল সীমান্তৰ ৰামপুৰত এতিয়া পুনৰ উত্তেজনাময় পৰিৱেশে বিৰাজ কৰিছে । শনিবাৰে বিয়লি অসমৰ বনাঞ্চল ধ্বংস কৰি থাকোতে প্ৰতিৱেশী ৰাজ্যৰ লোকসকলক বাধা দিছিল অসম আৰক্ষী, বন বিভাগৰ এটা দলে । বাধা দিবলৈ যোৱা বনবিভাগ আৰু আৰক্ষী দলটোক খেদি আহিল অৰুণাচলী দুৰ্বৃত্তৰ দলে । হাতে-হাতে বন্দুক, দা-লাঠী লৈ খেদিলে অসমৰ টহলদাৰী দলটোক ৷ প্ৰাণ ৰক্ষা কৰি কোনোমতে পলাই আহিল অসমৰ দলটো ।

অৰুণাচলীয়ে চলালে গুলী

লখিমপুৰৰ DFO, এগৰাকী উপ-আৰক্ষী অধীক্ষকৰ নেতৃত্বত যোৱা দলটোক খেদি আহিল অৰুণাচলী দুৰ্বৃত্তই। অসমৰ দলটোৱে অৰুণাচলীৰে সংঘাত এৰাই চলিবলৈ পশ্চাদগমন কৰোঁতে অৰুণাচলীয়ে এক ৰাউণ্ড গুলী চলাই ভীতিগ্ৰস্ত কৰে তেওঁলোকক । লখিমপুৰৰ ৰামপুৰৰ ২নং বেল’বস্তি জুটুলী বাগানত সংঘটিত হৈছে এই ঘটনা ৷

অৰুণাচলীয়ে চলালে গুলী

উল্লেখ্য যে উক্ত স্থানত এনে ঘটনা এয়াই প্ৰথম নহয় । পূৰ্বেও একেস্থানত অসমৰ বন-বিভাগক উদ্দেশ্যি গুলীচালনা কৰিছিল অৰুণাচলীয়ে । ঘটনা সন্দৰ্ভত বন বিভাগে ইতিমধ্যে লখিমপুৰৰ উপায়ুক্ত, আৰক্ষী অধীক্ষকক অৱগত কৰিছে । তেওঁলোকে এই সন্দৰ্ভত অৰুণাচলৰ স্থানীয় প্ৰশাসনৰে আলোচনা কৰিব বুলি জানিবলৈ দিছে ৷

অৰুণাচলীয়ে চলালে গুলী

লক্ষ্যণীয় দশকৰ পাছত দশক ধৰি লখিমপুৰত অৰুণাচলৰ সীমাক লৈ প্ৰায়েই সংঘাত হৈ আহিছে । চৰকাৰে এই সমস্যাটোক লৈ গুৰুত্ব নিদিয়াৰ ফলত অৰুনাচলীয়ে সংৰক্ষিত বনাঞ্চলকে ধৰি বিভিন্ন স্থানত বহু অসম ভূমি দখল কৰিছে । সীমান্তবাসী অসমীয়া লোকৰ ওপৰত নিৰ্যাতন চলোৱাৰ লগতে হত্যা কাণ্ডও সংঘটিত হৈছে বহুবাৰ ৷

অৰুণাচলীয়ে চলালে গুলী

শেহতীয়াকৈ জয়ৰামপুৰৰ পানবাৰীত দুজন অসমীয়াক হত্যা কৰাৰ প্ৰতিক্ৰিয়া মাৰ যোৱাই নাই । তেনে সময়তে আজি পুনৰ বেদখল বাধা দিবলৈ যাওঁতে গুলীচালনাৰ ঘটনা সংঘটিত হ’ল । উল্লেখ্য যে পূৰ্বৰে পৰা সীমা বিবাদ চলি আছিল যদিও শেহতীয়াকৈ চৰকাৰীভাৱে দুয়ো ৰাজ্যৰ এই সমস্যা সমাধানৰ হকে আলোচনা, চুক্তি আদি কৰাৰ পাচৰে পৰা সীমান্ত অঞ্চল ক্ৰমে অশান্ত হৈ পৰিছে । সততে ভয় ভাবুকি, গুলীচালনা, হত্যা আদি ঘটনা সংঘটিত হ’বলৈ ধৰিছে । চুবুৰীয়া ৰাজ্যখনৰ সৈতে আৰু কিমান দিনলৈ এই বিবাদ চলি থাকিব আৰু কিমান অসমীয়াই প্ৰাণ আহুতি দিলে সমস্যাটোৰ ক্ষীপ্ৰ আৰু স্থায়ী সমাধান হ’ব বুলি এতিয়া ৰাইজে প্ৰশ্ন তুলিছে ।

লগতে পঢ়ক :Land mafia eye on tezpur ouguri hills:তেজপুৰ ঔগুৰি পাহাৰৰ ভূমি দখল ভূ-মাফিয়াৰ

ABOUT THE AUTHOR

...view details