লখিমপুৰ, 9 নৱেম্বৰ : "বিজেপিৰ নেতা সকল পানী নোহোৱা পুখুৰীৰ মাছ ৷ পুখুৰীত পানী শুকাই গ’লে মাছে যি দৰে ছটফটাই থাকে বিজেপি নেতাৰো এতিয়া তেনে অৱস্থা ৷ জন সমৰ্থন নোহোৱা হৈ পৰাত বিজেপি নেতাই ছটফটাব ধৰিছে ৷ কংগ্ৰেছসহ বিৰোধী শিবিৰৰ শক্তিৰ উমান পাই তেওঁলোকে ভয় খাইছে ৷ সেয়েহে চৰকাৰী বাহিনী লগাই কংগ্ৰেছৰ কাৰ্যসূচী ব্যৰ্থ কৰাৰ প্ৰয়াস কৰিছে ৷" এই মন্তব্য প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীৰ ৷
লখিমপুৰত বৃহস্পতিবাৰে যুৱ কংগ্ৰেছে আয়োজন কৰা এক পদযাত্ৰাত অংশগ্ৰহণ কৰি তেওঁ এই দৰে মন্তব্য কৰে ৷ উল্লেখ্য যে, যুৱ কংগ্ৰেছৰ এই পদযাত্ৰা কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা কংগ্ৰেছ কৰ্মী সকল অহা যান-বাহন সমূহ আৰক্ষী, পৰিবহন বিভাগে বাটতে ৰখাই দিয়া বুলি অভিযোগ তুলি তেওঁ কয় যে, যান-বাহনৰ তালাচী চলোৱাত আপত্তি নাই ৷ কিন্তু আজিৰ দিনটোত তেওঁলোকৰ কাৰ্যসূচী ব্যৰ্থ কৰাৰ লক্ষ্যৰেহে চৌদিশে যান-বাহনৰ তালাচী চলাবলৈ আৰক্ষী, পৰিবহন বিভাগ জঁপিয়াই পৰে বুলি তেওঁ অভিযোগ তোলে ৷ ওপৰৰ নিৰ্দেশত জিলাখনত এনেদৰে কংগ্ৰেছৰ কাৰ্যসূচী ব্যৰ্থ কৰাৰ পাং পতা বুলিও তেওঁ ক্ষোভ প্ৰকাশ কৰে ৷
শাসকীয় দলে কৰবাত নহয় কৰবাত ভয় যে খাইছে সেইয়া ধুৰূপ বুলি উল্লেখ কৰি ৰাণা গোস্বামীয়ে কয় যে অসমত 13 টা বিৰোধী দলে মঞ্চ গঠন কৰিছে ৷ এই মঞ্চই উমৈহতীয়া এজেণ্ডাৰ জৰিয়তে ঘঁৰিয়ালৰূপী, অক্টোপাছৰূপী বিজেপিক পৰাস্ত কৰাত একেলগে কাম কৰিব ৷ বিজেপি দল তথা চৰকাৰক সমালোচনা কৰি তেওঁ কয় সম্প্ৰতি যুৱ সমাজ হতাশ হৈছে ৷ চৰকাৰে তেওঁলোকক বঞ্চনা কৰিছে ৷ যাৰ বাবে শেহতীয়াকৈ বিভিন্ন মহাবিদ্যালয়ৰ নিৰ্বাচন সমূহত কংগ্ৰেছৰ ভাতৃ সংগঠন এনএছইউআইৰ বিজয় হৈছে ৷ প্ৰতিশ্ৰুতি ভংগৰ বাবে শাসকীয় দলৰ প্ৰতি যুৱচামৰ অন্তৰত ক্ষোভৰ সৃষ্টি হৈছে ৷ নিয়োগৰ নামত তেওঁলোকক বঞ্চনা কৰা হৈছে বুলি কয় জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকীয়ে ৷