অসম প্ৰদেশ কংগ্রেছ কমিটীৰ মুখপাত্র লখিমপুৰ, ২৫ জুলাই :প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে সৰৱ হৈছে অসম প্ৰদেশ কংগ্রেছ কমিটীৰ মুখপাত্র ডাঃ জয় প্ৰকাশ দাস । অসমৰ শেহতীয়া পৰিস্থিতি সম্পৰ্কে মন্তব্য় কৰি অসম প্ৰদেশ কংগ্রেছ কমিটীৰ মুখপাত্র ডাঃ জয় প্ৰকাশ দাসে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে সৰৱ হৈ কয়, "অসমক আদানি আম্বানিৰ ব্যৱসায়ৰ ক্ষেত্রত পৰিণত কৰি তুলিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ।"
তেওঁ পুনৰ কয় যে, অসম ৰসাতলে গ'লেও মোডীৰ কোনো হানি নহয় । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী অসমখনক কেৱল লুণ্ঠনৰ থলী হিচাপে ব্যৱহাৰ কৰিছে । দলীয় কার্যক্রম লৈ লখিমপুৰলৈ আহি অসম প্ৰদেশ কংগ্রেছ কমিটীৰ মুখপাত্র ডাঃ জয় প্ৰকাশ দাসে সংবাদ মাধ্যমৰ আগত এইদৰে মন্তব্য কৰে ।
কেন্দ্রীয় চৰকাৰ আৰু প্ৰধানমন্ত্ৰীক সমালোচনা কৰি প্ৰদেশ কংগ্রেছ কমিটীৰ মুখপাত্র ডাঃ জয় প্ৰকাশ দাসে পুনৰ কয়, "প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অসমৰ সকলো সম্পদ বেচিব অথবা কিনিব । নগাঁও কাগজ কল, কাছাৰ কাগজ কল ইতিমধ্যে বেচিলে । এতিয়া নামৰূপ সাৰ কাৰখানাৰ পাল । তেওঁ গোটেই অসমকে শেষ কৰাৰ পৰিকল্পনা কৰিছে ।" অসম প্ৰদেশ কংগ্রেছ কমিটীৰ মুখপাত্র ডাঃ জয় প্ৰকাশ দাসে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কেৱল ধুনীয়া ধুনীয়া ভাষণ দি ৰাইজক আভুৱা ভাৰে বুলি মন্তব্য় কৰে । তেওঁ কয় যে, বাস্তবত কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে একো নকৰে ।
ইপিনে, অসমৰ ছয় জনগোষ্ঠীত জনজাতিকৰণ সন্দৰ্ভতো অসম প্ৰদেশ কংগ্রেছ কমিটীৰ মুখপাত্র ডাঃ জয় প্ৰকাশ দাসে মন্তব্য় আগবঢ়ায় । তেওঁ কয়, "প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ছয় জনগোষ্ঠীক জনজাতিকৰণ দিম বুলি নিদিলে ।" প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে প্ৰতি বছৰে অসমত অভিলেখ পৰিমাণৰ নিযুক্তি দিব বুলি কৈছিল যদিও সেয়া নিদিলে বুলিও তেওঁ কয় ।
লগতে পঢ়ক:APSC Scam : এ পি এছ চি কেলেংকাৰীৰ 2014 বৰ্ষৰ প্ৰতিবেদন দাখিলৰ বাবে সাজু তদন্ত আয়োগ