অসম

assam

Bhupen Borah : বাগিচাই-বাগিচাই, চাঙে-চাঙেৰ পাছত কংগ্ৰেছত লয়েল্টি টেষ্ট

By ETV Bharat Assamese Team

Published : Oct 19, 2023, 7:38 PM IST

ভূপেন বৰাৰ ‘আমি’ শব্দই সৃষ্টি কৰিছে খেলিমেলিৰ ৷ আমি 14 টা সমষ্টিত নিৰ্বাচন খেলিম বুলি ক’লে ঠিকেই, কিন্তু এই ‘আমি’য়ে কি বুজালে ? ইফালে আগন্তুক নিৰ্বাচনত কংগ্ৰেছ দলৰ পৰা টিকট পাবলৈ হ’লে দিব লাগিব লয়েলিটি টেষ্ট ৷

Bhupen Borah
বিহপুৰীয়াত ভূপেন কুমাৰ বৰা

বিহপুৰীয়াত ভূপেন কুমাৰ বৰা

গুৱাহাটী/ বিহপুৰীয়া, ১৯ অক্টোবৰ : ‘‘আমি ১৪ খন আসনত খেলিম ৷’’ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ মুখৰ চাৰিটা শব্দ আজি দিনটোৰ ৰাজনীতিত চৰ্চাৰ বিষয় হৈ পৰিছে । ভূপেন বৰাৰ ‘আমি’ৰ অৰ্থ বিচাৰি আৰম্ভ হৈছে বিশ্লেষণ ৷ আগন্তুক লোকসভা নিৰ্বাচনত কংগ্ৰেছে অকলে অসমৰ ১৪ খন আসনত নিৰ্বাচন খেলিব নে কংগ্ৰেছৰ লগতে ১২ টা মিত্ৰজোঁটৰ তৰফৰ পৰা ১৪ খনত নিৰ্বাচনত অৱতীৰ্ণ হ’ব কংগ্ৰেছ ? আমি মানে কংগ্ৰেছ নে মিত্ৰ দল ? বিভ্ৰান্ত হ’ল একাংশ সংবাদ মাধ্যমো ৷

উল্লেখ্য যে, বৃহস্পতিবাৰে বিহপুৰীয়াৰ বদতিত এখন সভাত অংশগ্ৰহণ কৰিছিল এপিচিচিৰ সভাপতি ভূপেন বৰাকে ধৰি কংগ্ৰেছৰ প্ৰদ্যুৎ বৰদলৈসহ কেইবাগৰাকীও কংগ্ৰেছ নেতাই ৷ সাংবাদিকসকলে ভূপেন বৰাক বিভিন্ন প্ৰসংগত সুধিছিল প্ৰশ্ন ৷ তাৰ মাজতে লোকসভা নিৰ্বাচনৰ প্ৰসংগত সোধা প্ৰশ্নৰ উত্তৰত ভূপেন বৰাই উত্তৰ দিলে- ‘আমি ১৪ খন আসনত খেলিম ৷’

এতিয়া ভূপেন বৰাৰ এই ‘আমি’ মানে কি তাক লৈ সৃষ্টি হৈছে বিভ্ৰান্তিৰ ৷ 'আমি' বুলি ক’লে ৷ কিন্তু নক’লে আমি মানে কোন ? আনহাতে এইবাৰ কংগ্ৰেছৰ টিকট পাবলৈ হ’লে 'লয়েলিটি’ৰ প্ৰমাণ দিব লাগিব বুলিও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীৰ ৷ ‘Loyalty Test’ অবিহনে কোনো কংগ্ৰেছীয়েই নাপায় টিকট ৷ বিহপুৰীয়াৰ বদতিত এই ঘোষণা APCCৰ সভাপতি ভূপেন বৰাৰ ৷

লাই ডিটেক্টৰ ব্যৱহাৰ কৰিব নেকি বুলি সাংবাদিকে সোধা প্ৰশ্নোত্তৰত বৰাই কয়- “লাই ডিটেক্টৰ ব্যৱহাৰ হওক বা নহওক এইবাৰ টিকট দিওতে লয়েলিটিৰ ওপৰ বিচাৰ-বিশ্লেষণ কৰিব কংগ্ৰেছে, সেয়া নিশ্চিত ।” উল্লেখযোগ্য যে বিগত কেইবাবছৰো ধৰি কংগ্ৰেছ দলৰ ভিতৰচ’ৰাত ৰাজ্যসভা নিৰ্বাচনত কংগ্ৰেছী বিধায়কৰ ভোটিঙৰ পৰা আৰম্ভ কৰি অমৃত কলহ যাত্ৰালৈকে একাংশ বিধায়কে বিজেপি আৰু মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ চৰ হিচাবে কংগ্ৰেছত থকাৰ অভিযোগ উঠি আহিছে ৷ ইয়াৰোপৰি গুপ্তচৰ বিধায়ক-নেতাক লৈ দলটোত আভ্যন্তৰীণ বিবাদে চূড়ান্ত ৰপ লয় ৷ সেয়ে তেনে বিধায়ক-নেতাক নাকী লগোৱাৰ বাবে লয়েলিটি টেষ্টৰ প্ৰসংগ উত্থাপন হৈছে কংগ্ৰেছত ৷

লগতে পঢ়ক:Rupjyoti Kurmi slams Bhupen Bora: ভূপেন বৰাৰ নামেই পাহৰিছে ৰূপজ্যোতি কুৰ্মীয়ে

ABOUT THE AUTHOR

...view details