লখিমপুৰ, 14 জানুৱাৰী : ৰাহুল গান্ধীৰ নেতৃত্বত অসমত 18 জানুৱাৰীৰ পৰা হ’বলগীয়া ভাৰত জোড়ো ন্যায় যাত্ৰাৰ বাবে ব্যাপক প্ৰস্তুতি চলাইছে প্ৰদেশ কংগ্ৰেছে ৷ দেওবাৰে লখিমপুৰত উপস্থিত হৈ প্ৰস্তুতি সভাত অংশগ্ৰহণ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৷ সভাৰ পাচতে সাংবাদিকৰ আগত বিজেপি তথা বৰ্তমানৰ চৰকাৰকৰ বিৰুদ্ধে সৰৱ হৈ পৰে ৷
প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কয়, ‘‘কংগ্ৰেছ চৰকাৰৰ দিনত ৰাজনাথ সিং, সৰ্বানন্দ সোণোৱালক বৃহৎ নদীবান্ধ বিৰোধী প্ৰতিবাদ কৰিবলৈ অনুমতি দিছিল ৷ ঠিক সেইদৰে বৰ্তমানৰ প্ৰধানমন্ত্ৰী মোদীৰ জনসভা পাতিবলৈ অনুমতি দিছিল তেতিয়াৰ কংগ্ৰেছ চৰকাৰে ৷ যেতিয়া গোগামুখত বিজেপিৰ সভা হৈছিল তেতিয়া আমাৰ মন্ত্ৰী, বিধায়ক চৰকাৰ আছিল ৷ তেতিয়াটো বিজেপিৰ এজন দলীয় কৰ্মীয়ে ক’ব পৰা নিছিল কংগ্ৰেছে সভা পাতিবলৈ অনুমতি দিয়া নাছিল বুলি ৷ কিন্তু বিজেপি চৰকাৰে এতিয়া কংগ্ৰেছক পথেৰে খোজ কাঢ়িবলৈও অনুমতি নিদিয়ে ৷ আমি মাত্ৰ 80 কিঃমি পথহে খোজ কাঢ়িব বিচাৰিছিলো ৷ কিন্তু বিজেপি চৰকাৰখনে অন্যায় কৰি ভাৰত জোড়ো ন্যায় যাত্ৰাৰ কাৰ্যসূচীৰ বাবে অনুমতি প্ৰদান কৰা নাই পথ আৰু খেলপথাৰসমূহৰ ৷’’