লখিমপুৰ, ৮ জানুৱাৰী:অনুসূচিত জাতিৰ স্বায়ত্তশাসনকে ধৰি বিভিন্ন সমস্যা সমাধানৰ দাবীত আজি ৰাজ্যজুৰি অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে অনুসূচিত জাতি যুৱ ছাত্র পৰিষদে । ৰাজ্যৰ আন জিলাৰ দৰে পৰিষদে লখিমপুৰ জিলাতো জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট ৰূপায়ণ কৰে । অৱস্থান ধৰ্মঘটথলীত পৰিষদৰ নেতৃত্বই কয় যে অসম চৰকাৰে আৰম্ভ কৰা মিছন ভূমিপুত্রৰ জৰিয়তে বর্তমানলৈকে তিনি লাখতকৈও অধিক অনুসূচিত জাতিৰ প্ৰমাণ পত্র প্রদান কৰা হৈছে । কিন্তু মিছন ভূমিপুত্ৰৰ জৰিয়তে অনলাইন অথবা অফলাইন পদ্ধতিত অনুসূচিত জাতিৰ প্ৰমাণ পত্র লাভ কৰিবৰ বাবে যিসমূহ নিয়মাবলী নিৰ্দ্ধাৰণ কৰা হ'ল ।
এইক্ষেত্ৰত থকা সুৰুঙাৰ সুযোগ বুজি পিতৃৰ জাতিগত প্রমাণ পত্র অথবা পূর্বতে নিজ হাতে সংগ্রহ কৰা প্ৰমাণ পত্র জমা দি বিগত সময়ত অনা অনুসূচিত জাতিৰ ব্যক্তিয়ে অতি সহজতে জাতিগত প্রমাণ পত্র সংগ্ৰহ কৰা বুলি কয় অনুসূচীত জাতি যুৱ ছাত্র পৰিষদৰ কেন্দ্রীয় সহ সম্পাদক ক্ষীৰেণ দাসে । তদুপৰি, এনেধৰণৰ ব্যৱস্থাই পূৰ্বতে সংগ্ৰহ কৰা ভুৱা জাতিগত প্রমাণ পত্রক বৈধ কৰাৰ পুৰামাত্রাই সুবিধা প্রদান কৰিলে । সেয়েহে,'মিছন ভূমিপুত্ৰ'ৰ বিসংগতিপূর্ণ নিয়মাৱলী শীঘ্ৰে সংশোধন ঘটাই ১৯৫১ ৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী, ১৯৫০ আৰু ১৯৬৬-১৯৭১ৰ ভিতৰত ভোটাৰ তালিকা, ১৯৫০-১৯৭১ ৰ জাতিগত পিয়লৰ তথ্য আৰু জাতিগত পঞ্জীয়নভূক্ত অনুষ্ঠানৰ পৰা অনুমোদন সংগ্ৰহ কৰাটো বাধ্যতামূলকভাবে সন্নিবিষ্ট কৰিব লাগে । অন্যথা 'মিছন ভূমিপুত্র' বন্ধ কৰি দিয়াটোহে উচিত হ'ব বুলি তেওঁ কয় ।
অসম আৰক্ষীৰ বিভিন্ন আৰক্ষী থানা আৰু চি আইডিত ভুৱা জাতিগত প্রমাণ পত্ৰৰ ক্ষেত্ৰত ৰুজু হৈ থকা গোচৰসমূহ খৰতকীয়াকৈ তদন্ত কৰি ব্যবস্থা গ্রহণ কৰিব লাগে । অসম চৰকাৰৰ চাকৰিয়ালসকলৰ পদোন্নতিৰ ক্ষেত্ৰত সংবক্ষণ আইন বাৰম্বাৰ ভংগ হোৱাটো আমাৰ পৰিলক্ষিত হৈছে । "The Assam Scheduled Castes and Scheduled Tribes (Reservation of Vacancies in Services and Posts) (Amendment) Act, 2012" আইনখনৰ সঠিক প্রয়োগৰ কাৰণে যোৱা ২০১৬ৰ ৩ আগষ্টত অসম চৰকাৰৰ ভৈয়াম জনজাতি আৰু পিছপৰা শ্রেণী বিভাগে No TAD/BC/68/2011/Pt-1/207 মর্মে এখন অফিচ মেম'ৰেণ্ডাম প্রকাশ কৰিছিল যদিও বহু আঁসোৱাহপূর্ণ উক্ত মেম'ৰেণ্ডামখন সংশোধনীৰ বাবে অসম বিধানসভাৰ অনুসূচিত জাতি-জনজাতি কল্যাণ সমিতিয়ে বাৰাম্বাৰ সংশোধনীসহ পৰামর্শৱলী আগবঢ়োৱা স্বত্বেও আজি পর্যন্ত এই ক্ষেত্ৰত চৰকাৰে কোনোধৰণৰ পদক্ষেপ গ্রহণ কৰা নাই । ইয়াৰ পৰিবর্তে যোবা ২০২৩ৰ ১২ জানুৱাৰীত কেবিনেট সভাই সংৰক্ষিত পদৰ বিষয়া-কর্মচাৰীসকলৰ পদোন্নতিৰ ক্ষেত্ৰত পূৰ্বৰ 'জ্যেষ্ঠতাৰ ধাৰাবাহিকতা' কর্তন কৰি দিয়া কার্যই দেশৰ সংবিধান আৰু সংৰক্ষণ আইনখন অবমাননা কৰা হৈছে ।