অসম

assam

By

Published : Dec 9, 2021, 12:04 PM IST

ETV Bharat / state

Anti Tobacco Campaign in Lakhimpur : লখিমপুৰত চলিল ধঁপাত বিৰোধী অভিযান

বুধবাৰে লখিমপুৰত চলিল ধঁপাত বিৰোধী অভিযান(Anti tobacco campaign in Lakhimpur) । ধঁপাত বিৰোধী আইন 2003 ৰ অধীনত ৭ ডিচেম্বৰৰ পৰা চলিছে এই অভিযান ৷ এই অভিযানটোত জিলা মেলেৰিয়া বিষয়া চন্দ্ৰসেন পেগু, আসাম কেন্সাৰ কেয়াৰ ইউনিটৰ বিষয়া সঞ্জীৱ কুমাৰ, জিলা প্ৰশাসনৰ বিষয়া আদি বিভিন্ন ব্যক্তিয়ে সহযোগিতা আগবঢ়ায় ৷

anti-tobacco-campaign-in-lakhimpur
লখিমপুৰত চলিল নীতি বৰ্হিভূত ধঁপাত বিৰোধী অভিযান

লখিমপুৰ, 9 ডিচেম্বৰ : মদ, ভাং, ড্ৰাগছ নহয়, এইবাৰ লখিমপুৰত চলিল ধঁপাত বিৰোধী অভিযান(Anti tobacco campaign in Lakhimpur) ৷ বুধবাৰে লখিমপুৰত চলে এই ধঁপাত বিৰোধী অভিযান ৷ লখিমপুৰ আৰক্ষী, জিলা ধঁপাত নিয়ন্ত্ৰণ কোষৰ লগতে জিলা প্ৰশাসনৰ উদ্যোগত প্ৰথমবাৰৰ বাবে নীতি বৰ্হিভূত ধঁপাত জাতীয় সামগ্ৰীৰ বিৰুদ্ধে চলে এই অভিযান ৷

বিগত ৭ ডিচেম্বৰৰ পৰা সমগ্ৰ লখিমপুৰ জিলাতে চলা এই অভিযান ধঁপাত বিৰোধী আইন 2003(Cigarette and other Tobacco Products Act 2003) ৰ আধাৰত জিলা ধঁপাত নিয়ন্ত্ৰণ কোষ(Lakhimpur District Tobacco Control Cell)ৰ উদ্যোগত চলে । মুঠ ৩৩ টা ধাৰা সন্নিবিষ্ট আইনখনৰ ৪ নং ধাৰা, ৬ নং ধাৰা(ক) আৰু (খ) মতে মুকলিকৈ ধঁপাতজাতীয় সামগ্ৰী বিক্ৰী কৰা, শৈক্ষিক অনুষ্ঠানৰ পৰা তিনিশ ফুট ব্যাসার্ধত এনে সামগ্ৰী বিক্ৰী কৰা, ৰাজহুৱা স্থানত ধুমপান কৰা আদিৰ বিৰুদ্ধে জিলাখনত চলা এই অভিযানত যিসকলে নীতি বৰ্হিভূতভাৱে ধঁপাত জাতীয় সামগ্ৰী বিক্ৰী কৰা ব্যৱসায়িক প্ৰতিষ্ঠানত তালাচী চলাই জৰিমনা বিহাৰো ব্যৱস্থা কৰে ।

লখিমপুৰত চলিল নীতি বৰ্হিভূত ধঁপাত বিৰোধী অভিযান

ইয়াৰোপৰি এখন ধঁপাত মুক্ত সমাজ গঢ়াৰ লক্ষ্যৰে এই অভিযান ধাৰাবাহিক ৰূপত চলাই যোৱা হ'ব বুলি অভিযানকাৰী দলৰ নেতৃত্ব লোৱা ডাঃ জগদীশ গোস্বামীয়ে জানিব দিয়ে । এই অভিযানটোত জিলা মেলেৰিয়া বিষয়া চন্দ্ৰসেন পেগু, আসাম কেন্সাৰ কেয়াৰ ইউনিটৰ বিষয়া সঞ্জীৱ কুমাৰ, জিলা প্ৰশাসনৰ বিষয়া আদি বিভিন্ন ব্যক্তিয়ে সহযোগিতা আগবঢ়ায় ৷

লগতে অবৈধ সুৰা, ভাং, ড্ৰাগছ, নকল সোণ আদিৰ বিৰুদ্ধে অবিৰত অভিযান চলি থকা জিলাখনত এইবাৰ চলিবলগীয়া ধঁপাত বিৰোধী অভিযানৰ জৰিয়তে সমাজ জীৱনত ইতিবাচক প্ৰভাৱ পেলোৱাৰ বাবে কৰ্তৃপক্ষই সকলোৰে সহযোগিতা কামনা কৰিছে ।

লগতে পঢ়ক :Anti Tobacco Campaign : লখিমপুৰত ধঁপাত বিৰোধী অভিযানৰ প্ৰস্তুতি

ABOUT THE AUTHOR

...view details