নাওবৈচা,19 জুলাই :বিগত 17 জুলাইত লখিমপুৰৰ অতিৰিক্ত উপায়ুক্ত গীতালী দুৱৰা দেউৰীয়ে তাৎক্ষণিক ভাবে বিহপুৰীয়া আৰু নাওবৈচা স্বাস্থ্য খণ্ড পৰিদৰ্শন কৰি Attendence register পৰীক্ষা কৰি মুঠ 17 জন MPW,SW আৰু ফিল্ড ৱৰ্কাৰলৈ কাৰণ দৰ্শোৱা জাননী দি এদিনৰ দৰমহা কৰ্তনৰ নিৰ্দ্দেশ দিয়াক লৈ দেওবাৰে উত্তপ্ত হৈ পৰে যুটীয়া স্বাস্থ্য সঞ্চালক কাৰ্যালয়ৰ চৌহদ। এদিনৰ দৰমহা কৰ্তনক লৈ ক্ষুব্ধ হৈ পৰা স্বাস্থ্যকৰ্মীসকলে দেওবাৰে সন্ধিয়া যুটীয়া স্বাস্থ্য সঞ্চালক কাৰ্যালয়ৰ চৌহদত উপস্থিত হৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। স্বাস্থ্যকৰ্মীসকলে অভিযোগ কৰামতে
লখিমপুৰত বন্ধ হ’ব পাৰে ক'ভিড প্ৰতিৰোধী কাম-কাজ - protest
লখিমপুৰত ক'ভিড প্ৰতিৰোধী কাম-কাজ বন্ধ হোৱাৰ সম্ভাৱনা ৷ নাওবৈচা-বিহপুৰীয়াত কৰ্মৰত এমপিডব্লিউ-এছ ডব্লিউৰ MPW,SW ৰ এদিনৰ দৰমহা কৰ্তনক লৈ প্ৰতিবাদী কাৰ্যসূচী ৷

লখিমপুৰত বন্ধ হ’ব পাৰে ক'ভিড প্ৰতিৰোধী কাম-কাজ
লখিমপুৰত বন্ধ হ’ব পাৰে ক'ভিড প্ৰতিৰোধী কাম-কাজ
সোমবাৰে এই সিদ্ধান্ত বাতিল নকৰিলে ক’ৰণা যুদ্ধ এৰি আন্দোলনৰ হুংকাৰ দিছে কৰ্মী সকলে ৷ উল্লেখযোগ্য যে ক’ৰণা প্ৰতিৰোধী সংগ্ৰাম খনত এই কৰ্মী সকলেই সন্মূখৰ পৰাই যুদ্ধ কৰি আছে ৷ এনে ক্ষেত্ৰত এই সকল কৰ্মাক লৈ লোৱা এই সিদ্ধান্তই সাধাৰণ লোকৰ বাবে বিপদ নমাই আনিব পাৰে ৷