ঢকুৱাখনা, 04 জুন:লখিমপুৰ জিলাৰ এখন স্বাস্থ্যখণ্ডৰ ফোপোলা স্বৰূপৰ তথ্য পোহৰলৈ আহিছে ৷ মহকুমা পৰ্যায়ৰ এশখন বিচনাযুক্ত চিকিৎসালয় এখনত উপযুক্ত চিকিৎসক আৰু নাৰ্চ উপস্থিত নথকাৰ অভিযোগ ৷ ইয়াৰোপৰিও চিকিৎসালয়খনত উপযুক্ত সা-সুবিধা আৰু উন্নত প্ৰযুক্তিৰ যন্ত্ৰ-পাতি নথকাৰ অভিযোগ উত্থাপিত হৈছে ৷
ঢকুৱাখনাৰ স্বাস্থ্য খণ্ডৰ পয়ালগা ৰূপ! - চিকিৎসালয়
বহুকেইজন চিকিৎসকে এইখন চিকিৎসালয়ৰ নামত দৰমহা লয় যদিও অন্য চিকিৎসালয়ত চাকৰি কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷
স্থানীয় লোকৰ অভিযোগ অনুসৰি,খোদ মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়াজন উপস্থিত নাথাকে চিকিৎসালয়খনত ৷ আনহাতে বহুকেইজন চিকিৎসকে এইখন চিকিৎসালয়ৰ নামত দৰমহা লয় যদিও অন্য চিকিৎসালয়ত চাকৰি কৰাৰ অভিযোগও উত্থাপিত হৈছে ৷ তদুপৰি চিকিৎসালয়খনত বহু কেইপদ উন্নত মানৰ যন্ত্ৰ-পাতি যোগান ধৰা হৈছিল যদিও ব্যৱহাৰকাৰী কাৰিকৰী বিষয়াৰ অভাৱত যন্ত্ৰ-পাতি সমূহ মামৰে ধৰাৰ লগতে উৱলি যোৱাৰ উপক্ৰম হৈছে ৷ ইপিনে এশখন বিচনাযুক্ত মহকুমা পৰ্যায়ৰ চিকিৎসালয়খনত আছে মাথো এগৰাকী ফামাৰ্চিষ্ট ৷ সেয়ে উপযুক্ত প্ৰাথমিক চিকিৎসাৰ অভাৱত বহুতো ৰোগীক 80ৰ পৰা 85 কিলোমিটাৰ দূৰৈত থকা উত্তৰ লখিমপুৰ অথবা ধেমাজি অসামৰিক চিকিৎসালয়লৈ নিবলগীয়া হোৱাত আদবাটতে বহুলোকে প্ৰাণ হেৰুৱাইছে বুলি জনাই স্থানীয় ৰাইজে ৷