অসম

assam

ETV Bharat / state

Anganwadi worker-helper protest: লখিমপুৰত অংগনৱাড়ী কৰ্মী-সহায়িকাৰ ধৰ্ণা - Thousands of Anganwadi workers protest

শুকুৰবাৰে অংগনৱাড়ী কৰ্মী আৰু সহায়িকাৰ ধৰ্ণাত উত্তাল হৈ পৰে লখিমপুৰ । শ শ অংগনৱাড়ী কৰ্মী আৰু সহায়িকাই সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা দি কাৰ্যালয়ৰ চৌহদ উত্তাল কৰি তোলে ।

Anganwadi worker-helper strike in Lakhimpur
লখিমপুৰত অংগনৱাড়ী কৰ্মী-সহায়িকাৰ ধৰ্ণা

By ETV Bharat Assamese Team

Published : Oct 6, 2023, 5:07 PM IST

লখিমপুৰত অংগনৱাড়ী কৰ্মী-সহায়িকাৰ ধৰ্ণা

লখিমপুৰ,৬ অক্টোবৰ:শুকুৰবাৰে কেইবাশ অংগনৱাড়ী কৰ্মী আৰু সহায়িকাৰ ধৰ্ণাত উত্তাল হৈ পৰে লখিমপুৰ । লখিমপুৰৰ সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত শ শ অংগনৱাড়ী কৰ্মী আৰু সহায়িকাই ধৰ্ণা দি উত্তাল পৰিৱেশৰ সৃষ্টি কৰে । অংগনৱাড়ী কৰ্মীসকলক ১২ হেজাৰ আৰু সহায়িকাসকলক ১০ হেজাৰকৈ মাননি দিয়া, অৱসৰ গ্ৰহণ কৰাসকলক এককালীন সাহায্য অহা ২০ অক্টোবৰ ৰ ভিতৰত আদায় দিয়া, মাননিৰ সলনি মজুৰি প্ৰদান কৰা, সহায়িকাৰ পদোন্নতিৰ ক্ষেত্ৰত বয়সৰ সীমা উঠাই দিয়া, অংগনৱাড়ী কেন্দ্রসমূহৰ আন্তঃগাঁঠনি উন্নত কৰা আদিৰ দাবীত তেওঁলোকে এই ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ।

উল্লেখ্য অংগনৱাড়ী কৰ্মী আৰু সহায়িকা সন্থাই তিনি অক্টোবৰৰ পৰা মাহজোৰা কাৰ্যসূচীৰে এই দাবীসমূহ পুৰণৰ হকে আন্দোলন অব্যাহত ৰাখিছে । তাৰেই অংশস্বৰূপে শুকুৰবাৰে লখিমপুৰত এই ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে । মাননিৰ সলনি মজুৰি দিয়ক, অসম চৰকাৰ হুচিয়াৰ,অসম চৰকাৰ হায় হায় আদি শ্ল'গান দি কাৰ্যালয় চৌহদ উত্তাল কৰি তোলে । অংগনৱাড়ী কৰ্মী আৰু সহায়িকাসকলৰ পোচাক অতি নিম্ন মানৰ বুলিও তেওঁলোকে অভিযোগ উত্থাপন কৰে ।

লগতে কয় ১৯৭৫ চনৰ ২ অক্টোবৰ পৰা কেন্দ্রীয় চৰকাৰৰ সৌজন্যত চলি থকা শিশু বিকাশ সেৱা আঁচনি (আই চি চি এছ) খনে ৪৮ বছৰ অতিক্ৰম কৰিছে । কেন্দ্ৰীয় চৰকাৰৰ সৌজন্যত চলি থকা সংহত শিশু বিকাশ আচঁনি (আই চি ডি এছ) খনে দেশৰ মানব সম্পদ বিকাশৰ বুনিয়াদি ভেটি গঢ়ি আছে । শিশুৰ শাৰিৰীক, মানসিক আৰু বৌদ্ধিক উৎকর্ষ সাধনৰ ভিন ভিন প্ৰকাৰৰ সেৱা আগবঢ়াই শিশুৰ মৃত্যুৰ হাৰ আৰু গৰ্ভৱতী মাতৃৰ মৃত্যুৰ হাৰ পূৰ্বতকৈ কমাবলৈ সক্ষম হৈছে ।

অংগনৱাড়ী কেন্দ্রবোৰত কৰ্মী আৰু সহায়িকা সকলে নানা সমস্যা আৰু ঘাত-প্রতিঘাতৰ মাজতো বর্তমান সময়ত ৪ ঘণ্টাতকৈ বেছি সময় কাম কৰি দেশ আৰু আই মাতৃৰ বাবে সেৱা আগবঢ়াই আহিছে । কিন্তু তাৰ বিনিময়ত কৰ্মী আৰু সহায়িকাসকলে উপযুক্ত মজুৰি পোৱা নাই। সামান্য মাননিৰে কর্মী সহায়িকাসকলে জীবন নির্বাহ কৰি আছে । এইদৰে সেৱা আগবঢ়াই গোতেই জীৱন অতিবাহিত কৰাৰ পিছতো তেওঁলোকৰ বাবে আজিকোপতি সকলো অংগনৱাড়ী কর্মী-সহায়িকাই পেঞ্চন লাভ কৰিবলৈ সক্ষম হোৱা নাই ।

সেয়ে অংগনৱাড়ী কৰ্মী আৰু সহায়িকাসকলৰ মূল দাবী সমূহ অতি শীঘ্ৰে পূৰণ কৰক । অন্যথা অনাগত দিনত জংগী আনন্দোলনৰ পাতনি মেলা হ'ব । এইদৰে চৰকাৰ আৰু বিভাগক প্ৰতিবাদকাৰী অংগনৱাড়ী কৰ্মী আৰু সহায়িকাসকলে সকীয়াই দিয়ে । ধৰ্ণাৰ অন্তত তেওঁলোকে সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ জৰিয়তে সমাজ কল্যাণ বিভাগৰ সঞ্চালকলৈ তেওঁলোকৰ দাবীসমূহ পুৰণৰ বাবে এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।

লগতে পঢ়ক:Protest at Sonari : প্ৰতিকূল বতৰকো নেওচি ন্যায্য প্ৰাপ্তিৰ দাবীত সোণাৰিত অংগনবাড়ী কর্মী-সহায়িকাৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details