লখিমপুৰ, ২৯ নবেম্বৰ :লখিমপুৰত আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰে স্বাস্থ্য মন্ত্রী কেশৱ মহন্তই । বুধবাৰে ৰাজ্যৰ জিলাই জিলাই মেধাবী ছাত্র -ছাত্রী সকলক আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰা হয় । লখিমপুৰৰ ত্যাগ ক্ষেত্রত এই বটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয় । এই বঁটা প্ৰদান কৰে স্বাস্থ্য মন্ত্রী কেশৱ মহন্তই । চলিত বৰ্ষৰ মেট্ৰিক পৰীক্ষাত শতকৰা ৭৫ বা ততোধিক নম্বৰপ্ৰাপ্ত ছাত্র -ছাত্রী সকলক এই অনুষ্ঠানত বঁটা প্ৰদান কৰা হয় ।
মন্ত্রী কেশৱ মহন্তই কয় যে বিদগ্ধ পণ্ডিত আনন্দৰাম বৰুৱাৰ নামত প্ৰৱৰ্তন কৰা এই বঁটাৰ জৰিয়তে মুখ্যমন্ত্রীয়ে প্ৰতিজন ছাত্র-ছাত্রীক একোজন আনন্দৰাম বৰুৱা হিচাপে চাবলৈ প্ৰয়াস কৰিছে । শিক্ষাগুৰুৱে শৈক্ষিক ক্ষেত্রৰ পৰিৱৰ্তন সাধন কৰিব পাৰে বুলি উল্লেখ কৰি তেওঁ কয় যে চৰকাৰে শিক্ষা প্রতিষ্ঠানৰ আন্তঃগাঁথনিৰ উন্নয়ন কৰি দিব । কিন্তু শৈক্ষিক ক্ষেত্রৰ মানৰ আন্তঃগাঁথনিৰ উন্নয়ন কৰিব লাগিব শিক্ষাগুৰুসকলে । ইয়াৰ বাবে তেওঁ শিক্ষাগুৰুৰ লগত ছাত্র- ছাত্রী, অভিভাবক আদি সকলোকে সহযোগিতা কৰাৰ আহ্বান জনায় ।
আদৰণি ভাষণ দিয়ে জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক হেমচন্দ্র শইকীয়াই । জিলা বিজেপিৰ সভাপতি ফণীধৰ বৰুৱাই এই বঁটাই ছাত্র ছাত্রী সকলক প্ৰেৰণা দিব বুলি উল্লেখ কৰি দৰিদ্ৰ পৰিয়ালৰ ছাত্র -ছাত্রী সকলক কিছু পৰিমাণে হ'লেও সকাহ দিব বুলি আশা প্ৰকাশ কৰে । তেওঁ বঁটাৰ ধনৰাশিৰ যাতে সদব্যৱহাৰ কৰা হয় তাৰ বাবে চকু দিবলৈ অভিভাবকসকলক আহ্বান জনায় ।