অসম

assam

DU ragging case: এজন বন্ধুৰ মতে দীর্ঘদিন ধৰি চলিছিল আনন্দৰ ওপৰত অত্যাচাৰ

By

Published : Dec 2, 2022, 2:27 PM IST

কেৱল এদিনেই নহয়, দীর্ঘদিন ধৰি চলিছিল আনন্দ শৰ্মাৰ ওপৰত অত্যাচাৰ । এই অভিযোগ আনন্দৰ এজন বন্ধুৰ ৷ একে সময়তে । পদ্মনাথ গোহাঞি বৰুৱা ছাত্ৰাবাসৰ গৰিমা ম্লান কৰিবৰ বাবে ৰেগিং কাণ্ডৰ লগত তৃতীয় শক্তি জড়িত হৈ আছে বুলি মন্তব্য একাংশ ছাত্ৰাবাসটোৰ একাংশ ছাত্ৰৰ (Dibrugarh university Ragging incident) ৷

DU ragging case
DU ragging case

লখিমপুৰ, 2 ডিচেম্বৰ : ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নাৰকীয় ৰেগিং কাণ্ডই সমগ্র ৰাজ্য জোঁকাৰি গৈছে । এই ঘটনাত সচেতন মহলে কঠোৰৰ পৰা কঠোৰতম শাস্তি ৰ দাবী তুলিছে অভিযুক্ত ৰ বিৰুদ্ধে । এজন ছাত্রৰ ৰাজহাড় টুকুৰা টুকুৰ কৰি দিয়া এনে অমানৱীয় কাণ্ডই ৰাজ্যখন তোলপাৰ লগাই থকাৰ সময়তে আনন্দ শৰ্মাক ৰেগিংক লৈ এতিয়া নিতৌ ন ন তথ্য উন্মোচিত হ’ব ধৰিছে (DU ragging updates)। লখিমপুৰৰ এজন প্ৰত্যক্ষদৰ্শী ছাত্রই দিলে ৰেগিঙৰ বৰ্ণনা ।

কেৱল এদিনেই নহয়, দীর্ঘদিন ধৰি চলিছিল আনন্দ শৰ্মাৰ ওপৰত অত্যাচাৰ । উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ তৃতীয় ষাণ্মাসিকৰ ছাত্র ঋতুপৰ্ণ সূত্ৰধৰ দিলে বৰ্ণনা । আন এজন ছাত্রৰ সৈতে কুইজ প্ৰতিযোগিতাত অংশগ্রহণৰ বাবে গৈ তেওঁ আনন্দ শৰ্মাৰ কোঠাত নিশা যাপন কৰিব লগীয়া হৈছিল । নিজেই দেখিছিল কেনেকৈ চলে ৰেগিং ৷ ডাষ্টবিনত প্ৰাৰ্থনা কৰোৱা, নিশা শাৰী পাতি ঠিয় কৰাই ৰখা আদি অনেক আতিশয্যৰ কথা প্রকাশ কৰে ছাত্ৰজনে ।

এজন বন্ধুৰ মতে দীর্ঘদিন ধৰি চলিছিল আনন্দৰ ওপৰত অত্যাচাৰ

উল্লেখ্য যে, এসপ্তাহ আগত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পদ্মনাথ গোহাঞি বৰুৱা ছাত্ৰ নিবাসত তিনি মহলাৰ ওপৰৰ পৰা জাঁপ দিছিল আনন্দ শৰ্মা নামৰ এজন ছাত্ৰই ৷ ৰেগিঙৰ বলি হোৱা ছাত্ৰজনক অতি সংকটজনক অৱস্থাত ভৰ্তি কৰোৱা হয় ডিব্ৰুগড়ৰ আদিত্য নাৰ্চিং হোমত ৷ ছাত্ৰজনৰ অৱস্থা ইমানেই সংকটজনক যে, উন্নত চিকিৎসা বা অস্ত্ৰোপচাৰৰ বাবে বহিঃৰাজ্যলৈ নিয়াতোও অসম্ভৱ ৷

আনহাতে, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভয়ংকৰ ৰেগিং কাণ্ডৰ লগত তৃতীয় শক্তি জড়িত হৈ আছে বুলি মন্তব্য একাংশ ছাত্ৰৰ (Dibrugarh university Ragging incident) । বিশ্ববিদ্যালয়ৰ পদ্মনাথ গোহাঞি বৰুৱা ছাত্ৰাবাসৰ আবাসীসকলে বৃহস্পতিবাৰে পোনপ্ৰথমবাৰৰ বাবে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিলে এই কথা ।

তৃতীয় শক্তিয়ে পৰিচালনা কৰিছে বিশ্ববিদ্যালয়ৰ পদ্মনাথ গোহাঞি বৰুৱা ছাত্ৰাবাসত সংঘটিত হোৱা ভয়ংকৰ ৰেগিংকাণ্ড (Dibrugarh University ragging controversy) । পদ্মনাথ গোহাঞি বৰুৱা ছাত্ৰাবাসৰ গৰিমা ম্লান কৰিবৰ বাবেহে এই শক্তিয়ে কাম কৰি আছে বুলি সংবাদ মাধ্যমৰ আগত বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে ।

আঢ়ৈ মাহ হৈছেহে PNGB ছাত্ৰ নিৱাসত নৱাগত আবাসীসকল থকা, তেনেক্ষেত্ৰত ৪ মাহৰ পৰা কেনেদৰে ৰেগিংকাণ্ডৰ বলি হৈছে আনন্দ শৰ্মা (Padmanath Gohain Baruah Hostel of Dibrugarh University) । বিশ্ববিদ্যালয় প্ৰশাসনৰ ৰায় পক্ষপাতমূলক হোৱাৰ অভিযোগ । ঘটনা সংঘটিত হোৱাৰ নিশা ১ বজালৈকে আনন্দ শৰ্মাই অন্য আৱাসীসকলৰ সৈতে ফুটবল খেল উপভোগ কৰি আছিল । কিন্তু কেনেদৰে সেইদিনা ৰেগিঙৰ বলি হ'ল সেয়া আশ্চৰ্যজনক বুলি প্ৰকাশ কৰিছে PNGB ছাত্ৰ নিৱাসৰ আৱাসীসকলে ।

লগতে পঢ়ক:DU ragging controversy: ডিব্ৰুগড় বিশ্ববিদ্যালয় ৰেগিং কাণ্ডৰ অভিযুক্তক গৰিহণা বিশ্বজিৎ দৈমাৰীৰ

ABOUT THE AUTHOR

...view details