অসম

assam

ETV Bharat / state

বোৱাৰীৰ ৰহস্যজনক মৃত্যুক লৈ নিশা উত্তপ্ত বিহপুৰীয়াৰ বৰবালি

স্বামী দিপাংকৰ বৰাৰ বিৰুদ্ধে হত্যাৰ অভিযোগ

By

Published : Mar 29, 2019, 12:06 PM IST

Updated : Mar 29, 2019, 12:49 PM IST

উত্তপ্ত বিহপুৰীয়াৰ বৰবালি

লখিমপুৰ, 29 মাৰ্চঃলখিমপুৰ জিলাৰবিহপুৰীয়াৰ বৰবালিত এগৰাকী যুৱতীৰ ৰহস্যজনক মৃত্যুক লৈ বৃহস্পতিবাৰে নিশা সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ৷ নিশা বৰবালিৰ নিলাক্ষী ভূঞা নামৰ বোৱাৰীগৰাকীয়ে মৃত্যুক সাৱতি লোৱাৰ পাচতেই দুই পক্ষৰ মাজত সৃষ্টি হয় প্ৰতি-অভিযোগ ৷ নিলাক্ষীৰডিঙিত আঘাতৰ চিন স্পষ্ট হৈ থকাত স্বামী দিপাংকৰ বৰাই নিলাক্ষীক পৰিকল্পিতভাৱে হত্যা কৰাৰ অভিযোগ তুলি বিহপুৰীয়াৰ আৰক্ষী থানাত এজাহাৰ দাখিল নিলাক্ষীৰ পিতৃ পৰিয়ালৰ ৷

উত্তপ্ত বিহপুৰীয়াৰ বৰবালি
ইপিনে নিলাক্ষীৰ পিতৃ পৰিয়ালৰ এজাহাৰৰ ভিত্তিতবিহপুৰীয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দিপাংকৰক ৷ তাৰ পাচতেইবিহপুৰীয়া থানাৰ সন্মুখতসৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ৷ আনহাতে মৃতদেহৰ মৰোণোত্তৰ পৰীক্ষা কৰি বিহপুৰীয়া আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত প্ৰক্ৰিয়া ।
Last Updated : Mar 29, 2019, 12:49 PM IST

ABOUT THE AUTHOR

...view details