অসম

assam

By

Published : May 24, 2022, 11:00 AM IST

ETV Bharat / state

বেংগালুৰুত ৰহস্যজনক মৃত্যুক সাৱটিলে বিহপুৰীয়াৰ মৌচুমীয়ে

আকৌ বহিঃৰাজ্যত মৃত্যু অসমীয়া যুৱতীৰ (Death Of Assamese Teen Girl In Bengaluru) ৷ যুৱতীগৰাকী হৈছে লখিমপুৰ জিলাৰ বিহপুৰীয়াৰ পোৰাবিলৰ মৌচুমী শইকীয়া (25) ৷ কৰ্মসূত্ৰে বেংগালুৰুত আছিল মৌচুমী ৷ সোমবাৰে পুৱা বেংগালুৰু আৰক্ষীৰ ফালৰ পৰা মৌচুমীয়ে আত্মহত্যা কৰা খবৰ লাভ কৰে পৰিয়ালে ৷ এই খবৰ লাভ কৰিয়েই দিশহাৰা হৈ পৰিছে মৌচুমীৰ আত্মীয় তথা পৰিয়ালৰ লোক ৷

Death Of Assam Teen Girl In Bengaluru
বেংগালুৰুত অতি ৰহস্যজনকভাৱে মৃত্যু বিহপুৰীয়াৰ মৌচুমীৰ

বিহপুৰীয়া, 24 মে’ : বিহপুৰীয়াৰ পোৰাবিলত কান্দোনৰ ৰোল ৷ বহিঃৰাজ্যত ৰহস্যজনকভাৱে মৃত্যু হ’ল লখিমপুৰ জিলাৰ বিহপুৰীয়াৰ এগৰাকী যুৱতীৰ (Death Of Assam Teen Girl In Bengaluru) ৷ যুৱতীগৰাকীৰ নাম মৌচুমী শইকীয়া (25) বুলি জানিব পৰা গৈছে ৷ তথ্য অনুসৰি, বিগত প্ৰায় কেইবাবছৰ ধৰি কৰ্মসূত্ৰে বিহপুৰীয়াৰ পোৰাবিলৰ মৌচুমী বেংগালুৰুত আছিল ৷

বেংগালুৰুত অতি ৰহস্যজনকভাৱে মৃত্যু বিহপুৰীয়াৰ মৌচুমীৰ

মৌচুমীৰ পিতৃ ৰঞ্জিত শইকীয়াই সদৰি কৰা অনুসৰি, সোমবাৰে পুৱা প্ৰায় 10 বজাত বেংগালুৰু আৰক্ষীয়ে মৌচুমী শইকীয়াৰ পিতৃক ফোন কৰি মৌচুমীয়ে আত্মহত্যা কৰা বুলি জনায় । হঠাৎ জীয়ৰীৰ মৃত্যুৰ বাতৰি পাই শোকস্তব্ধ হৈ পৰে সমগ্ৰ পৰিয়ালটো (Assam Teen Girl dies mysteriously in Bengaluru) ৷ ইফালে মৌচুমীৰ মাতৃৰ দাবী, এয়া কোনো আত্মহত্যা নহয় ৷ মৌচুমীক হত্যা কৰিছে কোনো লোকে ৷

লগতে পঢ়ক :মাকৰ ঘৰলৈ যাব নোপোৱাৰ বাবে আত্মহত্যা মহিলাৰ !

কিয়নো মৃত্যুৰ এদিন পূৰ্বে অৰ্থাৎ দেওবাৰে নিশা মৌচুমীৰ সৈতে মাতৃৰ ফোনত কথা-বতৰাও হৈছিল ৷ অইন দিনাৰ দৰে দেওবাৰে নিশাও মৌচুমীয়ে ঘৰুৱা কথা পাতিছিল মাতৃৰ সৈতে ৷ আনকি মৌচুমীয়ে বেংগালুৰুৰ এটা ব্যক্তিগত কোম্পানীত চাকৰি কৰিয়েই ঘৰৰ সমস্ত দায়িত্ব বহন কৰিছিল ৷ তেনেস্থলত সদায় হাঁহিমুখে থকা মৌচুমীয়ে আত্মহত্যাৰ দৰে পথ বাচি ল’ব নোৱাৰে বুলি দাবী কৰে মাতৃয়ে (Allegation of Killing Mouchumi) ৷

বহিঃৰাজ্যত মৃত্যু অসমীয়া যুৱতীৰ

আনহাতে, জ্যেষ্ঠ জীয়ৰীৰ মৃত্যুৰ বাতৰি পাই দিগ-বিদিগ হেৰুৱাইছে পিতৃ ৰঞ্জিত শইকীয়াই ৷ দৰিদ্ৰ পৰিয়ালটোৱে মৌচুমীৰ মৃতদেহ ঘৰলৈ অনাৰ ক্ষেত্ৰতো যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে । উপায়ন্তৰ হৈ বিহপুৰীয়াৰ বিধায়ক ড৹ অমিয় কুমাৰ ভূঞা তথা জিলা প্ৰশাসনক বেংগালুৰুৰ পৰা মৌচুমীৰ মৃতদেহটো আনি দিবলৈ কাতৰ আহ্বান জনাইছে মৃত যুৱতীগৰাকীৰ পিতৃ-মাতৃয়ে ৷

লগতে পঢ়ক :চাৰি মাহ পূৰ্বে হৈছিল বিয়া; স্বামী গৃহতে চিপ ল’লে মহিলাই

ABOUT THE AUTHOR

...view details