অসম

assam

ETV Bharat / state

মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজ্যজুৰি আমছুৰ গৰ্জন

ৰাজ্যজুৰি সদৌ অসম সংখ্যা লঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ প্ৰতিবাদ (AMSSU protest across the state against price hike) ৷ নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ লগতে পেট্ৰ’লজাত সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি বিৰোধিতাৰে আমছুৰ প্ৰতিবাদত উত্তাল হ’ল ৰাজ্য ৷

AMSSU protest across the state against price hike
মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজ্যজুৰি আমছুৰ গৰ্জন

By

Published : May 13, 2022, 10:59 AM IST

Updated : May 13, 2022, 1:44 PM IST

নিউজ ডেস্ক, 13 মে’ :বৃহস্পতিবাৰেপ্ৰতিবাদত উত্তাল হ’ল ৰাজ্য ৷ নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ লগতে পেট্ৰ’লজাত সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে ৰাজ্যবাসীক ৷ যাৰ বিৰোধিতাৰে সমগ্ৰ ৰাজ্যজুৰি প্ৰতিবাদত বহিল সদৌ অসম সংখ্যা লঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৱে (AMSSU protest against price hike) ৷

আমছুৰ প্ৰতিবাদ

মূল্যবৃদ্ধিৰ বিৰুদ্ধে লখিমপুৰত উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে আমছুৰ লখিমপুৰ জিলা সমিতিয়ে (AMSSU protest in Lakhimpur) । এই প্ৰতিবাদস্থলীৰ পৰাই মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰা যোগান মন্ত্ৰীৰ পদত্যাগ দাবী কৰে প্ৰতিবাদকাৰীসকলে । যদিহে ৰাজ্য চৰকাৰে অচিৰেই মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰে তেন্তে জংগী আন্দোলনৰো হুংকাৰ প্ৰদান কৰে লখিমপুন আমছুৱে ।

ইয়াৰ লগতে প্ৰতিবাদকাৰীসকলে উপায়ুক্তৰ জৰিয়তে সাতদফীয়া দাব সম্বলীত এখনি স্মাৰক পত্ৰও মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে ৷

মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজ্যজুৰি আমছুৰ গৰ্জন

লগতে পঢ়ক :মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত ৰাইজৰ দলৰ গণ স্বাক্ষৰ অভিযান

কেৱল লখিমপুৰতেই নহয়, মূল্যবৃদ্ধিৰ বিৰুদ্ধে দলগাঁৱতো আমছুৱে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ (AMSSU protest at Dalgaon) ৷ দলগাঁও ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ সন্মুখত আমছুৱে ৰূপায়ন কৰে দুঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী । আনকি বিজেপি চৰকাৰ হাই হাই, মূল্যবৃদ্ধি ৰোধ কৰক, বিজেপি চৰকাৰ গ'বেক আদি বিভিন্ন শ্ল'গানেৰে প্ৰতিবাদকাৰীসকলে উত্তাল কৰি তোলে প্ৰতিবাদস্থলী‌ ।

ইফালে বঙাইগাঁও, ধুবুৰী, ডিব্ৰুগড়তো অনুৰোপ ধৰণে আমছুৱে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । এই কাৰ্যসূচীৰ জৰিয়তে পেট্ৰ’ল আৰু ডিজেলৰ মূল্যবৃদ্ধি হ্ৰাস কৰা, ঘৰুৱা আৰু বাণিজ্যিকৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য হ্ৰাস কৰা, জীৱন দায়িনী ঔষধৰ লগতে গৃহ নিৰ্মাণৰ সামগ্ৰী মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিবলৈ চৰকাৰক দাবী জনাই প্ৰতিবাদকাৰীসকলে ৷

যদিহে চৰকাৰে এই সন্দৰ্ভত শীঘ্ৰে কোনো ব্যৱস্থা নলয় তেন্তে আনাগত সময়ত জংগী আন্দোলনৰ হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰীসকলে ৷

লগতে পঢ়ক :বিজেপিয়ে দেখুওৱা পথেৰেই পিয়াজৰ মালা পিন্ধিলে এ আই ইউ ডি এফে

Last Updated : May 13, 2022, 1:44 PM IST

ABOUT THE AUTHOR

...view details