বিহপুৰীয়া, 26 ফেব্ৰুৱাৰী:ৰাজ্যৰ গ্ৰামাঞ্চলসমূহত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ (Pradhan Mantri Awas Yojana) গৃহ আৱন্টনৰ নামত চলিছে দৰ দাম (PMAY scam in Assam)। দুখীয়া ৰাইজে পঞ্চায়ত প্ৰতিনিধিক ধন নিদিলে গৃহ নোপোৱাৰ অভিযোগ একাংশ ভুক্তভোগী ৰাইজৰ । বিগত বহু সময়ত ৰাজ্যৰ বহু অঞ্চলত এনেদৰে চৰকাৰী গৃহ আৱন্টনৰ নামত ধনৰ লেন-দেনৰ অভিযোগ উত্থাপন হোৱা পিচে নতুন কথা নহয় ৷ এইবাৰ লখিমপুৰ জিলাৰ বিহপুৰীয়াত একাংশ দৰিদ্ৰ ৰাইজে চৰকাৰী গৃহৰ বিনিময়ত ধনদাবী কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে পঞ্চায়তৰ ৱাৰ্ড মেম্বাৰ ৰূপামণি স্বৰ্গীয়াৰীৰ বিৰুদ্ধে (Demanding money allotment of houses)৷
নাৰায়ণপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ৰাজগড় গাঁও পঞ্চায়তৰ তথা অসম অৰুণাচল সীমান্তৱৰ্তী চূণাজুলিত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্নীতি। ৰাজগড় গাঁও পঞ্চায়তত শেহতীয়াকৈ চৰকাৰীভাৱে বহু সংখ্যক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আৱন্টিত হৈছিল (Government houses allotment)।
দীৰ্ঘদিন ধৰি এটা গৃহৰ বাবে চৰকাৰলৈ আশাৰে বাট চাই থকা বহু লোকৰ ঘৰত এতিয়া দুখৰ বন্যা বোৱা পৰিলক্ষিত হৈছে ৷ জৰাজীৰ্ণ গৃহত ৰ'দ বৰষুণৰ মাজতে দিন অতিবাহিত কৰা এই সকল লোকে পঞ্চায়তলৈ গৈ বহুবাৰ আবেদন নিবেদন কৰাৰ পিচতো নাপালে এটা চৰকাৰী ঘৰ । উল্লেখ্য যে, চূণাজুলি অঞ্চলৰ নিৰু নেওঁগ, প্ৰতিমা গগৈ, পদুমী নেওঁগ, চচিমা ফুকন, মনিমোহন বৰুৱা, প্ৰফুল্ল নেওঁগে অভিযোগ কৰা অনুসৰি পঞ্চায়তৰ ৱাৰ্ড মেম্বাৰ ৰূপামণি স্বৰ্গীয়াৰীয়ে চৰকাৰী গৃহ আৱন্টনৰ বাবে বিচাৰিছিল পাঁচ হাজাৰ টকা। কিন্তু যেনেতেনে দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া এইসকল লোকে টকা দিবলৈ নোৱাৰাত তেওঁলোকে চৰকাৰী ঘৰ নাপালে ৷