লখিমপুৰ, ২৩ এপ্রিল : লখিমপুৰত সংঘটিত হৈছে এক জঘন্য ঘটনা । যুৱকৰ লগত চিনাকি হৈ অন্তঃসত্বা হ’ল এগৰাকী সপ্তম শ্ৰেণীত অধ্যয়নৰত কিশোৰী ৷ এই ঘটনা পোহৰলৈ অহাৰ পিচতে অঞ্চলটোত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে (Minor pregnant in Lakhimpur) ৷ লখিমপুৰৰ আজাদৰ মাজুলীয়ালত সংঘটিত হৈছে এই জঘন্য ঘটনা (Minor girl pregnant case) ।
ঘটনা অনুসৰি সপ্তম শ্ৰেণীত অধ্যয়ণৰত কিশোৰীগৰাকীৰ লগত ফোনযোগে চিনাকি হৈছিল যুৱক বিকি দ’লেৰ ৷ তাৰ পিচতে বিকিয়ে কিশোৰীগৰাকীৰ হাত খুজিবলৈ কিশোৰীগৰাকীৰ ঘৰলৈ আহে ৷ বিকীয়ে কিশোৰীগৰাকীৰ পিতৃক কোৱা অনুসৰি তেওঁৰ কিশোৰীগৰাকীক পচন্দ হৈছে ৷ সেয়ে তেওঁ কিশোৰীগৰাকীৰ লগত বিবাহপাশত হ’বলৈ বিচাৰে ৷ এই কথা শুনি পিতৃগৰাকীয়ে একেমুখে যুৱকজনৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰে ৷ পিতৃয়ে কয় যে, কিশোৰীগৰাকী এতিয়া তেনেই সৰু ৷ গতিকে তেওঁ বিবাহৰ কথা ভবাই নাই ৷ এতিয়া তেওঁৰ পঢ়াৰ বয়স ৷
ইয়াৰ পিচতে যুৱকজন নিৰাশ হৈ ঘূৰি গ’ল ৷ কিন্তু পিতৃয়ে দিনত হাজিৰা কৰিবলৈ যাওঁতেই কিশোৰীগৰাকী ঘৰত অকলে থকাৰ সুযোগ লৈ যুৱকজনে অসৎ কামনা চৰিতাৰ্থ কৰে ৷ এই কথা কাৰো আগত কোৱা নাছিল কিশোৰীগৰাকীয়ে (Allegation for rape) ৷