লখিমপুৰ, ১৯ আগষ্ট :লখিমপুৰ জিলাৰ ফুলবাৰীৰ এটা গড়কাপ্তনিক পথ (Corruption in road construction)৷ যিটো পথে জ্বলা-কলা খোৱাইছে অঞ্চলটোৰ ৰাইজক ৷ বিভাগীয় বিষয়া তথা ঠিকাদাৰৰ হেমাহিৰ বাবে আজিও অৰ্ধ নিৰ্মিত হৈ পৰি ৰৈছে এই পথচোৱা ৷ যাৰ ফলত সেই অঞ্চলটোত সঘনে সংঘটিত হৈ আহিছে বহুকেইটা সৰু বৰ দুৰ্ঘটনা ৷ এই অভিযোগ অঞ্চটোৰ ৰাইজৰ ৷
ৰাইজে উল্লেখ কৰা অনুসৰি, এই পথচোৱাৰ নিৰ্মাণৰ দায়িত্বত আছে অভিযন্তা ৰূপম কাকতি আৰু ঠিকাদাৰ প্ৰবীণ দিহিংগীয়া ৷ পথচোৱা ভালদৰে মেৰামতিৰ বাবে অঞ্চলটোৰ ৰাইজে বহুবাৰ দায়িত্বত থকা ঠিকাদাৰ আৰু অভিযন্তাগৰাকীক আবেদন-নিবেদন কৰিছিল ৷ কিন্তু ৰাইজৰ কোনো কথালৈয়ে যেন ভ্ৰূক্ষেপ নাই দায়িত্বত থকা বিষয়-ববীয়াৰ ৷