লখিমপুৰ, 16 মে’: লখিমপুৰ জিলাৰ লখিমপুৰ গাঁও পঞ্চায়তৰ দুৰ্নীতিৰ বিৰুদ্ধে তদন্তৰ দাবী কৰাৰ বাবে আছু কৰ্মীক ভাবুকি দিছে একাংশ বিজেপি নেতাই । এই অভিযোগ উত্থাপন লখিমপুৰ আছু কৰ্মীৰ ৷
উল্লেখ্য যে, ৰাইজৰ অভিযোগ অনুসৰি প্ৰকৃত কৃষকৰ বিপৰীতে চৰকাৰী ধন লাভ কৰিছে পেঞ্চনাৰ, চাকৰিয়াল লোকে । তালিকা প্ৰস্তুত কৰোতে প্ৰকৃত কৃষকক বঞ্চিত কৰি গাঁওবুঢ়া আৰু বুথ কমিটিয়ে অন্তৰ্ভুক্ত কৰিছে চাকৰিয়াল লোকৰ নাম। কিন্তু এই দুৰ্নীতিৰ বিৰুদ্ধে মাত মতাৰ বাবে হিন্দু গাঁৱৰ আছু কৰ্মী আৰু স্থানীয় লোকক ভয়ৰ ভাবুকি দিছে প্ৰনৱ হাজৰিকা নামৰ বিজেপি কৰ্মীজনে ।
আছু কৰ্মীক ভাবুকি, লখিমপুৰত বিজেপি নেতাৰ বিৰুদ্ধে অভিযোগ - প্ৰনৱ হাজৰিকা নামৰ বিজেপি কৰ্মী
লখিমপুৰ আছু কৰ্মীৰ অভিযোগ উত্থাপন ৷ লখিমপুৰ গাঁও পঞ্চায়তৰ দুৰ্নীতিৰ বিৰুদ্ধে তদন্তৰ দাবী কৰাৰ বাবে আছু কৰ্মীক ভাবুকি দিয়াক লৈ ক্ষোভিত আছু কৰ্মী ৷ প্ৰনৱ হাজৰিকা নামৰ বিজেপি কৰ্মীজনে আছু কৰ্মী আৰু স্থানীয় লোকক ভয়ৰ ভাবুকি দিয়াৰ পিছতে ইয়াৰ তীব্ৰ বিৰোধিতাৰে ওলাই আহে হিন্দু গাঁৱৰ ৰাইজ ৷
লখিমপুৰত বিজেপি নেতাৰ বিৰুদ্ধে অভিযোগ