অসম

assam

ETV Bharat / state

Urea fertilizer scam: দুই হেজাৰোধিক মেট্ৰিকটন ইউৰিয়া কেলেংকাৰীৰ তদন্তৰ ফলাফল আজিও নোলাল ! - Hindu Yuva Parisad

লখিমপুৰত 2021-2022 বৰ্ষত সংঘটিত হৈছিল এক বৃহৎ ইউৰিয়া সাৰৰ কেলেংকাৰী । ৰাজসাহায্যযুক্ত এই সাৰ কিন্তু কোনো কৃষকে সুলভ মূল্যত পাবলৈ সক্ষম নহ’ল । যাৰ বাবে সদৌ অসম হিন্দু যুৱ পৰিষদৰ হেঁচাত এই কেলেংকাৰীৰ ওপৰত এক তদন্ত আৰম্ভ কৰা হৈছিল । পিচে এবছৰ পাৰ হৈ যোৱাৰ পাচতো তদন্তৰ ফলাফলহে প্ৰকাশ নহ’ল । এই অভিযোগ সদৌ অসম হিন্দু যুৱ পৰিষদৰ ৷

Urea fertilizer scam
খিমপুৰত 2021-2022 বৰ্ষত এক ইউৰিয়া সাৰ কেলেংকাৰী ঘটিছিল

By ETV Bharat Assamese Team

Published : Sep 19, 2023, 8:10 AM IST

ইউৰিয়া সাৰ কেলেংকাৰীৰ তদন্তৰ ফলাফল নোলোৱাৰ অভিযোগ

লখিমপুৰ, 19 ছেপ্টেম্বৰ :এবছৰে উমঘাম নাই লখিমপুৰৰ ইউৰীয়া সাৰ কেলেংকাৰিৰ তদন্ত প্ৰক্ৰিয়া । লখিমপুৰ জিলাখনত খেতিয়কৰ বাবে 2021-22 বৰ্ষত ৰাজ সাহাৰ্য প্ৰাপ্ত দুই হাজাৰ চৌবিশ মেট্ৰিক টন ইউৰীয়া সাৰ আৱন্টন দিয়া হৈছিল । কিন্তু এক কিলোও ইউৰীয়া সাৰ ৰাজসাহায্য প্ৰাপ্ত চৰকাৰৰ নিৰ্ধাৰিত 5.91 টকা মূল্যত কোনো খেতিয়কেই জিলাখনত লাভ কৰা নাছিল । তেতিয়া এই সাৰ কেলেংকাৰি সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আনিছিল সদৌ অসম হিন্দু যুৱ পৰিষদৰ লখিমপুৰ জিলা সমিতিয়ে ।

সদৌ অসম হিন্দু যুৱ পৰিষদ অসমৰ লখিমপুৰ জিলা সমিতিয়ে 2022 ৰ 9 মে’ত লখিমপুৰ কৃষি বিষয়াৰ কাৰ্যালয়ত তথ্য জনাৰ অধিকাৰ আইন 2005 ৰ অধীনত তথ্য বিচাৰি আবেদন জনাইছিল । লখিমপুৰ কৃষি বিষয়াই চৰকাৰৰ অনুজ্ঞাপ্ৰাপ্ত সাৰ বিতৰণকাৰীক সাৰ বিতৰণৰ সম্পূৰ্ণ তথ্য পোনপটীয়াকৈ সংগঠনটোক যোগান ধৰিবলৈ এক পত্ৰৰ জৰিয়তে পত্ৰ নং- NO DAO / LAK/RTI/57/2022-23, Dtd. - 07/06/22 তাৰিখে নিৰ্দেশ জাৰি কৰিছিল ।

সাৰ যোগানৰ তথ্য পাইকাৰী ব্যৱসায়ীসকলে যোগান নধৰি ওলোটাই কৃষি বিভাগৰ চৰকাৰী তথ্য বিষয়াক বিপথে পৰিচালিত কৰি পাঁচ পৃষ্ঠাযোৰা প্ৰত্যুত্তৰ যোৱা 2022 ৰ 16 জুনত ডাকঘৰৰ জৰিয়তে পঞ্জীয়ণ কৰি প্ৰেৰণ কৰে । তিনি ব্যৱসায়ীয়ে প্ৰেৰণ কৰা পত্ৰত আৰ.টি.আইৰ আবেদন নাকচ কৰিবলৈ কৃষি বিভাগক অনুৰোধ জনাই পত্ৰ প্ৰেৰণ কৰাত সংগঠনটোৰ বিষয় ববীয়াই নিশ্চিত হৈ পৰিছিল যে ৰাজসাহায্য প্ৰাপ্ত সাৰ বিতৰণত বৃহৎ কেলেংকাৰী সংগঠিত হৈছে ৷ নহ’লে শুদ্ধ তথ্য প্ৰদানত কাৰো অসুবিধা থাকিব নালাগে ।

প্ৰকৃত কৃষকক ৰাজ সাহাৰ্য প্ৰাপ্ত সাৰৰ পৰা বঞ্চিত কৰি একেখিনি সাৰকে উচ্চ হাৰত বিক্ৰী কৰি এক ক’লা বজাৰ সৃষ্টি কৰি কৃষকক চৰকাৰৰ বিৰুদ্ধে কৌশলগতভাৱে বিৰোধী কৰি আহিছে এইসকল লখিমপুৰৰ সাৰ ব্যৱসায়ীয়ে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল সংগঠনটোৱে ।

2021 বৰ্ষত লখিমপুৰ জিলালৈ চৰকাৰৰ তৰফৰ পৰা যোগান ধৰা 2,024 মেট্ৰিক টন ৰাজ সাহাৰ্য প্ৰাপ্ত সাৰৰ ১ কিলো সাৰ জিলাখনৰ কোনো এজন কৃষকে 5.91 টকা মূল্যত সেই বৰ্ষত নাপালে বুলি অভিযোগ উঠিছিল । ইয়াৰ প্ৰমাণ ক্ষুদ্ৰ চাহ খেতিয়ক, সৰিয়হ খেতিয়ক, নাচাৰীৰ কৃষক, ধান আৰু ৰবি শস্যৰ কৃষকৰ পৰা জানিব পৰা গৈছিল ।

লগতে কৃষকসকলে এইটোও জনাই যে সাৰ ক্ৰয়ৰ সময়ত কৃষকক কোনো সময়ত ৰছিদ নিদিয়ে । ৰছিদ বিছাৰিলে সাৰ নিদিয়াৰ ভাবুকি প্ৰদান কৰে আৰু কয় এই সাৰ চৰকাৰী নহয় । বাধ্য হৈ কৃষকে ৰাজ সাহাৰ্য প্ৰাপ্ত সাৰ উচ্চ হাৰত একেই দোকানৰ পৰা ক্ৰয় কৰিব লগা হয় ।

ইয়াৰ অৰ্থ দুটাই এক বৃহৎ‍ কেলেংকাৰী আৰু দ্বিতীয়তে চৰকাৰক অস্থিৰ আৰু পতন কৰাৰ বাবে কৃষকক চৰকাৰ বিৰোধী কৰি তোলা ই এক ভয়ংকৰ ষড়যন্ত্ৰ । এই লৈ বিগত বৰ্ষত লখিমপুৰ জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ বিশেষ জৰুৰী স্মাৰক পত্ৰ প্ৰেৰণেৰে সাৰ মাফিয়াক দৃষ্ঠান্তমূলক শাস্তি প্ৰদান কৰিবলৈ সদৌ অসম হিন্দু যুৱ পৰিষদৰ লখিমপুৰ জিলা সমিতিয়ে আবেদন জনআইছিল ৷

তাৰ পাচত 17 ছেপ্টেম্বৰ 2022 তাৰিখে পত্ৰ নং DA's letter No. Agri/Fert/C&F/EQR/528/Pt-ll/2021-22/31 ৰ জৰিয়তে ধেমাজিৰ কৃষি যুটীয়া সঞ্চালক ড৹ নন্দী ৰয়ক সাৰ কেলেংকাৰিৰ তদন্তৰ দায়িত্ব বিভাগে অৰ্পন কৰে । উক্ত তদন্তত হিন্দু যুৱ পৰিষদৰ সভাপতি সম্পাদক ক্ৰমে দীপাঞ্জল সোনোৱাল আৰু শম্ভূ সিংহই বিগত বৰ্ষৰ 27 ছেপ্টেম্বৰত লখিমপুৰ জিলা কৃষি বিভাগৰ কাৰ্যলয়ত অনুষ্ঠিত শুনানিত অংশগ্ৰহণ কৰি তদন্তকাৰী বিষয়া নন্দী ৰয়ক সাৰ কেলেংকাৰিৰ সকলো দস্তাবেজ অৰ্পণ কৰি সহযোগিতা আগবঢ়ায় ।

এই তদন্ত প্ৰক্ৰিয়াত সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ লখিমপুৰ জিলা সমিতি আৰু সৰিয়হ কৃষকসকলেও অংশগ্ৰহণ কৰি ৰাজসাহায্য প্ৰাপ্ত সাৰ নোপোৱাৰ লিখিত অভিযোগ তদন্তকাৰী বিষয়া সকলক যোগান ধৰিছিল । কিন্তু প্ৰায় এবছৰ সাৰ কেলেংকাৰীৰ তদন্তই একো ফল নিদিলে ।

পৰিষদৰ লথিমপুৰ জিলাৰ সম্পাদক শম্ভূ সিংহই পুনৰ চলিত বৰ্ষৰ 28 জুনত কৃষি বিভাগৰ সঞ্চালকলৈ আৰটিআইৰ আবেদন জৰিয়তে সাৰ কেলেংকাৰিৰ তদন্তৰ প্ৰতিবেদন বিচাৰে । 13 জুলাইত কৃষি সঞ্চালকৰ কাৰ্যলয়ৰ পৰা পত্ৰ নং SPIO's letter No. AGRI/RTI/8483/S.SINGHA/2022-23/03 ৰ জৰিয়ত লখিমপুৰৰ জিলা কৃষি বিষয়ালৈ তথ্য সমূহ যোগান ধৰাৰ নিৰ্দেশ প্ৰেৰণ কৰি প্ৰতিলিপি আৰটিআইৰ কৰ্মীৰ গৰাকীলৈও প্ৰেৰণ কৰে ।

উক্ত পত্ৰ ভিত্তিত লখিমপুৰৰ জিলা কৃষি বিষয়াৰ কাৰ্যালয়ে 12 ছেপ্তেম্বৰ তাৰিখে পত্ৰ নং NO. DAO/LAK/RTI/2023/1865-68 ৰ জৰিয়তে কৃষি সঞ্চালকৰ ৰাজ্যিক তথ্য বিষয়াক সাৰ কেলেংকাৰিৰ তদন্তৰ প্ৰতিবেদন আজিও সম্পূৰ্ণ হোৱা নাই আৰু অতি সোনকালেই প্ৰতিবেদন সম্পূৰ্ণ কৰা হ’ব বুলি পত্ৰ প্ৰেৰণ কৰে । এই পত্ৰই বিভাগৰ সাৰ কেলেংকাৰি তদন্তৰ দুৰ্বলতা প্ৰকট কৰে ।

যাৰ বাবে সাৰ কেলেংকাৰিত জড়িতই দৃষ্ঠান্তমূলক শাস্তি নাপালে কৃষি বিভাগৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিব বুলি পৰিষদৰ সম্পাদক জনে সংবাদ মাধ্যমৰ জৰিয়তে সংশ্লিষ্ট বিভাগক সকীয়াই দিয়ে ।

লগতে পঢ়ক :Karam Festival 2023: ওদালগুৰিৰ মাজুলী চাহ বাগিচাত দ্বিতীয় বাৰ্ষিক কৰম উৎসৱ উদযাপন

ABOUT THE AUTHOR

...view details