অসম

assam

ETV Bharat / state

নাওবৈচাত আলি-আয়ে-লৃগাং উদযাপন - ৰঙানদী

মিচিং সকলৰ হেঁপাহৰ উৎসৱ আলি-আয়ে-লৃগাং ৷ লৃগাঙক নাওবৈচাৰ সোৱণশিৰি আৰু ৰঙানদীৰ পাৰত সৃষ্টি হৈছে এক উখল-মাখল পৰিৱেশ ৷ ঐনিতমৰ সুৰ গুমৰাগৰ চন্দত মুখৰিত হৈছে আকাশ-বতাহ ৷

ali-ai-ligang-celebration-in-naowboicha
নাওবৈচাত আলি-আয়ে-লৃগাং উদযাপন

By

Published : Feb 17, 2021, 10:53 PM IST

নাওবৈচা, ১৭ ফেব্ৰুৱাৰী :মিচিং সকলৰ হেঁপাহৰ উৎসৱ আলি-আয়ে-লৃগাং ৷ লৃগাঙক নাওবৈচাৰ সোৱণশিৰি আৰু ৰঙানদীৰ পাৰত সৃষ্টি হৈছে এক উখল-মাখল পৰিৱেশ ৷ ঐনিতমৰ সুৰ গুমৰাগৰ চন্দত মুখৰিত হৈছে আকাশ-বতাহ ৷

নাওবৈচাত আলি-আয়ে-লৃগাং উদযাপন

কৃষি ভিত্তিক উৎসৱ আলি-আয়ে-লৃগাঙক কেন্দ্ৰ কৰি এক প্ৰকাৰে বৰ্ণিল হৈ পৰিল ফাগুনৰ প্ৰথমটো বুধবাৰ ৷ কণমানিজনীৰ পৰা আৰম্ভ কৰি বয়োজ্যেষ্ঠ মহিলাও নানা ৰঙী পৰম্পৰাগত সাজপাৰ পৰিধান কৰি গুমাৰাগ নৃত্য পৰিৱেশনেৰে আনন্দত আত্মহাৰা হোৱা পৰিলক্ষিত হ'ল ৷

নাওবৈচাৰ প্ৰায় ১৫ খনৰো অধিক মিচিং গাঁৱত পৰম্পৰাগত ৰীতি-নীতিৰে অনুষ্ঠিত কৰিলে এই উৎসৱ ৷ এই উৎসৱৰ দিনটোতে আৰম্ভ কৰিলে শস্য সিঁচা পৰ্ব ৷ এই আনন্দ উৎসৱৰ মাজতেই সকলোৱে জুতি ললে পৰম্পৰাগত পানীয়ৰ লগতে খাদ্যবস্তুৰ ৷

লগতে পঢ়ক :সোণাৰী মিচিং গাঁৱত এইবেলি উদযাপন নহয় আলি আয়ে লৃগাং

ABOUT THE AUTHOR

...view details