অসম

assam

ETV Bharat / state

পুনৰ বৃহৎ নদীবান্ধ বিৰোধী আন্দোলন আৰম্ভ কৰাৰ হুংকাৰ অখিল গগৈৰ

লখিমপুৰত অখিল গগৈৰ বিস্ফোৰক অভিযোগ, যিকোনো মুহুর্ততে তীব্র ৰূপত গা কৰি উঠিব পাৰে বৃহৎ নদীবান্ধ বিৰোধী আন্দোলন (Akhil Gogoi on anti big dam protest)। ধৰ্মীয় কানি খুৱাই, ৰাষ্ট্ৰসন্ত্ৰাস নমাই আনি চৰকাৰে আন্দোলনটো মষিমূৰ কৰিবলৈ চেষ্টা কৰিছে ।

By

Published : May 12, 2022, 6:49 PM IST

akhil-gogoi-on-anti-big-dam-protest-in-assam
পুনৰ বৃহৎ নদী বান্ধ বিৰোধী আন্দোলন আৰম্ভ কৰাৰ হুংকাৰ অখিল গগৈৰ

লখিমপুৰ, ১২ মে':লখিমপুৰত চৰকাৰক হুংকাৰ দি ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে কয়, যিকোনো মুহূৰ্ততে তীব্র ৰূপত গা কৰি উঠিব পাৰে বৃহৎ নদীবান্ধ বিৰোধী আন্দোলন (Anti big dam protest in Assam) । ধৰ্মীয় কানি খুৱাই, ৰাষ্ট্ৰসন্ত্ৰাস নমাই আনি চৰকাৰে আন্দোলনটো মষিমূৰ কৰিবলৈ চেষ্টা কৰিছে । কিন্তু ৰাইজৰ দলে এনে চৰকাৰৰ কৌশলৰ বিপৰীতে গৈ আন্দোলন আৰম্ভ কৰিব ।

লখিমপুৰত এক দলীয় যোগদান কাৰ্যসূচীত অংশ লৈ বিধায়ক অখিল গগৈয়ে বৃহৎ নদীবান্ধৰ প্ৰসংগত সংবাদমাধ্যমৰ আগত কয় যে, কেৱল নামনি-সোৱণশিৰি প্ৰকল্পই (Lower Subansiri Hydroelectric Power Project) নহয়। অৰুণাচলত স্থাপন কৰিব খোজা প্ৰতিটো নদীবান্ধৰে বিৰোধিতা কৰি যাব ৰাইজৰ দলে। বিধান সভাতো তেওঁ এই লৈ প্ৰতিবাদ কৰিব ৷ মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাকো তেও ক্ষুৰধাৰ সমালোচনা কৰি কয়, হিমন্ত বিশ্ব শৰ্মাই কেতিয়াবা ৰাইজৰ দলত যোগদান কৰিলেও অখিল গগৈয়ে বিজেপিত যোগদান নকৰে ।

পুনৰ বৃহৎ নদী বান্ধ বিৰোধী আন্দোলন আৰম্ভ কৰাৰ হুংকাৰ অখিল গগৈৰ

বিজেপিক তেওঁ ফেচিবাদী, সাম্প্রদায়িক দল হিচাপে আখ্যা দি কয়, হত্যা কৰিলেও অখিল গগৈয়ে বিজেপিত যোগদান নকৰে ৷ লগতে তেওঁ চৰকাৰখনক সমালোচনা কৰি কয়, এইখন চৰকাৰৰ প্ৰতি জনতাই আস্থা হেৰুৱাই পেলাইছে । হিমন্ত বিশ্ব শৰ্মাৰ দিনত অসমৰ অৰ্থনীতি ভাগি পৰিছে ৷ আনকি, শ্ৰীলংকা হোৱাৰ দিশে গতি কৰিছে অসমৰ অৰ্থনৈতিক অৱস্থা (Assam economy heading towards being Sri Lanka) ।

তেও অৰ্থনৈতিক ক্ষেত্র পুনৰ গঠনৰ কাম হাতত লবলৈ প্ৰধানমন্ত্ৰী আৰু মূখ্যমন্ত্রীক আহ্বান জনায়। আনহাতে, সোৱণশিৰিৰ নামনি অংশৰ ৰাইজৰ জীৱন সম্পত্তিৰ নিৰাপত্তা সুনিশ্চিত নোহোৱা পৰ্যন্ত NHPC ৰ উৎপাদন আৰম্ভ কৰিব নোৱাৰিব বুলি চৰকাৰক সকীয়াই দি তেওঁ কয়, বৃহৎ নদী বান্ধ বন্ধোৱাৰ বিপৰীতে ভাঙি পেলোৱাহে উচিত ।

লগতে পঢ়ক :বিজু গগৈয়ে হীনমান্যতাত ভুগি আত্মহত্যা কৰিছে: আলফা স্বাধীন

ABOUT THE AUTHOR

...view details