লখিমপুৰ, ১৫ জুন :বাৰিষা আৰম্ভ হোৱাৰ লগে লগে লখিমপুৰত আৰম্ভ হৈছে বানৰ সংহাৰ ৷ ইতিমধ্যে ইখনৰ পাচত সিখন গাঁও জলমগ্ন হৈ পৰিছে ৷ ছিগিছে শিঙৰা নৈৰ মথাউৰি ৷ বুধবাৰে দুপৰীয়াৰ ভাগত নদীখনে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা দ’লহাট বজাৰ সংযোগী পথৰ কাষত মথাউৰিটো শলমৰীয়াৰ সমীপত প্ৰায় 40 মিটাৰ ছিগি পোন্ধৰখনতকৈয়ো অধিক গাঁও বুৰাই পেলাইছে ৷ যাক লৈ শংকিত হৈ পৰিছে এতিয়া লখিমপুৰবাসী ৰাইজ ৷
ইফালে জলসম্পদ বিভাগৰ কিছু আজৱকাণ্ডই এতিয়া চকু কঁপালত তুলিছে সাধাৰণ ৰাইজৰ ৷ কিয়নো শিঙৰা নৈৰ মথাউৰি ছিগাৰ পাচত এতিয়া ক্ৰমাৎ বৃদ্ধি পাইছে লখিমপুৰৰ ৰঙানদীৰ জলপৃষ্ঠ ৷ যদিহে ৰঙানদী উফন্দি উঠে, তেতিয়া হয়তো সমগ্ৰ লখিমপুৰ জিলাখনে বানৰ কৱলত পৰিব ৷ কিয়নো ৰঙানদীৰ বাওদিশে থকা ৩৬২ কোটি টকীয়া মথাউৰিটো মাত্ৰ নামতহে আছে ৷ এই অভিযোগ উত্থাপন কৰিছে AJYPৰ লখিমপুৰ আঞ্চলিকৰ সভাপতি মনোজ কলিতাই ৷
মনোজ কলিতাই উল্লেখ কৰা অনুসৰি, ৰঙানদীৰ বাওদিশে থকা মথাউৰিটোত মাত্ৰ বাঁহৰ কেইটামান গোজ পুঁতিয়েই দায়িত্ব সামৰিছে জলসম্পদ বিভাগে ৷ লখিমপুৰ নগৰৰৰ সুৰক্ষা কবচ স্বৰূপে থকা এই মথাউৰিটোৰ কেইবাটাও স্থানত বিগত বাৰিষাৰ সময়চোৱাতে ক্ষতি সাধন হৈছিল ৷