অসম

assam

By

Published : Jun 22, 2023, 4:30 PM IST

ETV Bharat / state

AJYCP hold protest in Lakhimpur: লখিমপুৰত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ অৱস্থান ধৰ্মঘট

মণিপুৰত চৰকাৰ ভংগৰ লগতে ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তনৰ দাবী তুলি লখিমপুৰত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অৱস্থান ধৰ্মঘট কৰে ৷

ajycp hold protest in lakhimpur
অৱস্থান ধৰ্মঘট

অৱস্থান ধৰ্মঘট

লখিমপুৰ, ২২ জুন : বিগত দেৰ মাহ ধৰি অশান্ত হৈ আছে উত্তৰ পূৱৰ অন্যতম ৰাজ্য মণিপুৰ । ৰাজ্যখনৰ হিংসা জৰ্জৰ পৰিৱেশ শান্ত কৰাত ব্যৰ্থ হৈছে এন বীৰেণ সিঙৰ চৰকাৰখন । ৰাজ্যখনৰ এনে পৰিস্থিতিত সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল উদ্বিগ্ন হৈ পৰিছে ৷ এনে পৰিস্থিতিত ৰাজ্য চৰকাৰখন ভংগ কৰি ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন কৰাৰ দাবীৰে বৃহস্পতিবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৰাজ্যজুৰি অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰে ৷

অৱস্থান ধৰ্মঘট

বৃহস্পতিবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে মণিপুৰৰ এনে অশান্ত পৰিৱেশ দূৰ কৰাৰ বাবে ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তনৰ দাবীৰে ৰাজ্য জুৰি অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰে । লখিমপুৰতো পৰিষদৰ লখিমপুৰ জিলা সমিতিয়ে নগৰৰ খেলমাটিত অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰে ৷

মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে পদত্যাগ কৰক, শান্তি শৃংখলা ৰক্ষা কৰাত ব্যৰ্থ মণিপুৰৰ চৰকাৰক বৰ্খাস্ত কৰক, মণিপুৰত শীঘ্ৰে ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন কৰক আদি শ্ল’গান দি অৱস্থান ধৰ্মঘটস্থলী উত্তাল কৰি তোলে দলৰ সদস্যসকলে । ধৰ্মঘটস্থলীত অংশগ্ৰহণ কৰা পৰিষদৰ নেতৃত্বই কয় মণিপুৰত বিগত ৪৫ দিনৰো অধিক সময় যি অগ্নিগর্ভা পৰিৱেশৰ সৃষ্টি হৈছে সেই পৰিৱেশ নিয়ন্ত্ৰণ কৰিবলৈ এন বীৰেণ সিঙৰ চৰকাৰখন চৰম ব্যৰ্থ হৈছে ।

তাৎক্ষণিকভাৱে চৰকাৰখন ভংগ কৰি ৰাজ্যখনত ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন কৰাৰ দাবী তোলে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে । প্ৰতিবাদকাৰী সকলে এই ক্ষেত্ৰত প্ৰধানমন্ত্ৰীকো সমালোচনা কৰি কয় সততে অষ্টলক্ষ্মীৰ কথা কোৱা প্ৰধানমন্ত্ৰীয়ে অষ্টলক্ষ্মীৰ এখন ৰাজ্যৰ এনে দুৰ্যোগৰ সময়ত কিন্তু কাণসাৰ দিয়া নাই । ৰাজ্যখনৰ এনে সন্ত্ৰাসজৰ্জৰ পৰিৱেশ দেখিও প্ৰধানমন্ত্ৰী গৰাকীয়ে আওকাণ কৰাটো দুৰ্ভাগ্যজনক । প্ৰধানমন্ত্ৰীয়েও নিজৰ দায়িত্ব পালনত ব্যৰ্থতা প্ৰদৰ্শন কৰিছে বুলি পৰিষদৰ নেতৃত্বই সমালোচনা কৰি শীঘ্ৰেই মণিপুৰৰ ৰাজ্য চৰকাৰখনক ভংগ কৰি ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন কৰি জনগণক নিৰাপত্তা দিয়াৰ দাবী জনায় । পৰিষদে অৱস্থান ধৰ্মঘটৰ পাচতে এই দাবীৰে উপায়ুক্তৰ জৰিয়তে ৰাষ্ট্ৰপতিলৈ এখন স্মাৰক পত্ৰও প্ৰেৰণ কৰে ৷

লগতে পঢ়ক :Heated situation in Nagaon: নগাঁৱৰ ৰূপহীহাটত উত্তপ্ত পৰিস্থিতিত

ABOUT THE AUTHOR

...view details