লখিমপুৰ, 9 নবেম্বৰ: চোৰ গ’লে বুদ্ধি, বৰষুণ গলে জাপি । অসমীয়া সমাজত প্ৰচলিত এই যোজনা ফাঁকি বাৰুকৈয়ে খাটিছে লখিমপুৰ জলসম্পদ বিভাগৰ লগত । খৰালি কালত নিঃপালি দি শুই থাকি ভৰ বাৰিষা খহনীয়া প্ৰতিৰোধৰ বাবে খদমদম লগায় জলসম্পদ বিভাগে (Allegation against water resource department)। প্ৰতি বছৰে লখিমপুৰত এনে ভূমিকাকে প্ৰদৰ্শন কৰি আহিছে জলসম্পদ বিভাগে । খৰালি গা নলৰা বিভাগটোৱে বাৰিষা মথাউৰি সুৰক্ষাত উঠি পৰি লাগে ।
উল্লেখ্য যে, লখিমপুৰত 362 কোটি টকীয়া মথাউৰিৰ গাতে লাগি আছে ৰঙানদী (Ranganadi becomes threat for embankment)। বৰবিল, বগলীজানত নদীখনে খুন্দিয়াই আছে মথাউৰিত। এই দুই স্থানত পাৰ হৈ যোৱা বাৰিষা কালত নদীখনে খহাই মথাউৰি ছিঙাৰ উপক্রম কৰিছিল । তৰণি হেৰাইছিল জলসম্পদ বিভাগৰ । দিবা-নিশি একাকাৰ কৰি লখিমপুৰ নগৰৰ সুৰক্ষা কবচ স্বৰূপ এই মথাউৰিটো কোনোমতে ৰক্ষা কৰিবলৈ সক্ষম হয় জলসম্পদ বিভাগ (ersion in Lakhimpur)।
খৰালিতে মথাউৰি নিৰ্মাণ নকৰিলে লখিমপুৰলৈ আহিব পাৰে ভয়ানক বিপদ পিছে বাৰিষা অন্ত পৰাৰ পাছত গভীৰ নিদ্ৰাত পৰিল জলসম্পদ বিভাগ । খৰালি উক্ত খহনীয়া অংশত শক্তিশালী প্ৰতিৰোধ ব্যৱস্থা গ্রহণ কৰা নাইবা নদীখনৰ গতি সলনি কৰা আদি কোনো ব্যবস্থা গ্রহণ কৰা নাই বিভাগটোৱে (Slow repairing of embankment) ।
বাৰিষা কালত লাখ লাখ টকা পানীত পেলাই যুদ্ধকালীন গতিৰে কাম কৰা বিভাগটোৱে খৰালি একে তৎপৰতাৰে কাম কৰি মথাউৰিটোৰ সুৰক্ষাৰ ব্যৱস্থা লোৱা হ’লে বাৰিষা কালৰ দুৰ্যোগৰ পুনৰাবৃত্তি নহ’লহেতেন । পিছে বিভাগটোৰ এতিয়া এই দিশত লক্ষ্য কৰাৰ আহৰি নাই । কেন্দ্রীয় আঁচনিৰ 362 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা এই মথাউৰিটো ছিগিব লাগিলে লখিমপুৰ নগৰ এলেকা পৰ্যন্ত বানত বুৰ যাব (Ranganadi erosion in Lakhimpur)।
বিগত 2017 বৰ্ষত নদীখনে মথাউৰি ছিঙি তেনে প্ৰলয়ৰ সূচনা কৰি থৈছে । তেনে ভয়াৱহ প্ৰলয়ৰ উদাহৰণ থকাৰ পাছতো জলসম্পদ বিভাগে নগৰ খনৰ সুৰক্ষা কবচ স্বৰূপ এই মথাউৰিটো সুৰক্ষাৰ বাবে খৰালি কালত একো ব্যবস্থা গ্রহণ কৰা নাই । এই লৈ বিভিন্ন সংগঠনে ক্ষোভ প্ৰকাশ কৰি জলসম্পদ বিভাগক ধিক্কাৰ দিছে ।
খহনীয়া প্ৰতিৰোধৰ বাবে খৰালি একো নকৰি বাৰিষা তালফাল কৰা জলসম্পদ বিভাগে ৰঙানদীৰ মথাউৰিক সোণৰ কণী পৰা হাঁহ ৰূপে ব্যৱহাৰ কৰিছে বুলি ক্ষোভ প্ৰকাশ কৰিছে জাতীয়তাবাদী যুৱ পৰিষদে (AJYCP demands for speedy repairing of embankment)। পৰিষদৰ উত্তৰ লখিমপুৰ আঞ্চলিক সমিতিৰ সভাপতি মনোজ কলিতাই জলসম্পদ বিভাগক ধিক্কাৰ দি সময় থাকোতেই মথাউৰিটো মেৰামতি কৰি খৰালিতে খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰাৰ দাবী তোলে ৷ অন্যথা প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হ’ব বুলি সকীয়নি দিয়ে নেতাগৰাকীয়ে ৷
লগতে পঢ়ক:Guwahati city De siltation scam: বোকাৰ নামত 20 কোটি টকা লুণ্ঠনৰ বাবে চলিছিল ষড়যন্ত্ৰ