অসম

assam

ETV Bharat / state

লখিমপুৰত নিৰ্মাণ শ্ৰমিক সন্থাৰ তীব্ৰ প্ৰতিবাদ - AITUC protests with different demands

ভিন্ন দাবীৰে লখিমপুৰ শ্ৰম বিষয়াৰ কাৰ্যালয় উত্তাল কৰিলে সদৌ অসম নিৰ্মাণ শ্ৰমিক সন্থাই । প্ৰতিবাদী সমদলেৰে কঁপালে লখিমপুৰৰ চহৰৰ আকাশ-বতাহ(AITUC protests with different demands) । ৰাজ্যৰ শ্ৰম আয়ুক্ত লৈ প্ৰেৰণ কৰিলে স্মাৰক পত্ৰ ।

aituc protest in lakhimpur
লখিমপুৰত নিৰ্মাণ শ্ৰমিক সন্থাৰ তীব্ৰ প্ৰতিবাদ

By

Published : Sep 7, 2022, 1:47 PM IST

Updated : Sep 7, 2022, 2:15 PM IST

লখিমপুৰ,৭ ছেপ্তেম্বৰ:লখিমপুৰত সদৌ অসম নিৰ্মাণ শ্ৰমিক সন্থাৰ তীব্ৰ প্ৰতিবাদ । প্ৰতিবাদী সমদলেৰে কপালে লখিমপুৰৰ আকাশ বতাহ । বুধবাৰে দুপৰীয়া নিৰ্মাণ শ্ৰমিক সন্থাৰ জিলা কাৰ্যালয়ৰ পৰা শ্ৰম বিষয়াৰ কাৰ্যালয়লৈ বাহিৰ কৰে এক প্ৰতিবাদী সমদল(AITUC protests with different demands) । কেন্দ্র তথা ৰাজ্য চৰকাৰৰ শ্ৰমিক বিৰোধী নীতিৰ বিৰুদ্ধে ক্ষোভ উজাৰি ধৰ্ণা দিয়ে প্ৰতিবাদকাৰীসকলে ।

লখিমপুৰত নিৰ্মাণ শ্ৰমিক সন্থাৰ তীব্ৰ প্ৰতিবাদ

প্ৰতিবাদকাৰীসকলে নিৰ্মাণ শ্ৰমিকৰ কল্যাণ বৰ্ড ৰক্ষা কৰা, সকলো বকেয়া সময় মতে আদায় দিয়া, শ্ৰমিকৰ পেন্সন ৭৫০০ লৈ বৃদ্ধি কৰা আদি ১১ দফীয়া দাবী লৈ এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । এই দাবী সমূহ অতি শীঘ্ৰে পূৰণ কৰাৰ দাবী উত্থাপন কৰি সন্থাই জিলা শ্ৰম বিষয়াৰ জৰিয়তে ৰাজ্যৰ শ্ৰম আয়ুক্তলৈ প্ৰেৰণ কৰে এখন স্মাৰক পত্ৰ(AITUC sends memorandum to Labour Commissioner) ।
লগতে পঢ়ক:গুৱাহাটীৰ যোৰাবাটত এনকাউণ্টাৰ: নিহত দুৰ্ধৰ্ষ ডকাইত

Last Updated : Sep 7, 2022, 2:15 PM IST

For All Latest Updates

ABOUT THE AUTHOR

...view details