লখিমপুৰ, ১ ছেপ্টেম্বৰ:ভাৰতীয় বায়ু সেনাৰ বোমা বৰ্ষণ, গুলীচালনাত কঁপি উঠিব লখিমপুৰৰ দুলুং বনাঞ্চল । সেইবাবে জিলা দণ্ডাধীশে জাৰি কৰিলে ১৪৪ ধাৰা । শুকুৰবাৰৰ পৰা এমাহ জুৰি ভাৰতীয় বায়ু সেনাৰ বোমা বৰ্ষণ, ৰকেট নিক্ষেপ, গুলীচালনাৰ শব্দত কঁপিব লখিমপুৰৰ দুলুং বনাঞ্চল । বায়ু সেনাই বনাঞ্চলখনৰ ফায়াৰিং ৰেঞ্জত যুঁজাৰু বিমানেৰে চলাব বোমা বৰ্ষণ, ৰকেট নিক্ষেপ, গুলীচালনাৰ অনুশীলন ।
বায়ু সেনাৰ ১১ উইঙে চলাব এই অনুশীলন । উক্ত বনাঞ্চলখনত এমাহজুৰি চলিবলগীয়া এনে সমৰ ক্ষেত্র সদৃশ পৰিস্থিতিত অঘটন নঘটিবৰ বাবে লখিমপুৰ জিলাৰ দণ্ডাধীশ সুমিত সাত্তাৱানে ভাৰতীয় ফৌজদাৰী কাৰ্যবিধিৰ ১৪৪ ধাৰা জাৰি কৰিছে । এই ধাৰা বনাঞ্চলখনত এমাহ জুৰি বলবৎ হৈ থাকিব । ভাৰতীয় ফৌজদাৰী কাৰ্যবিধিৰ ১৪৪ ধাৰা অনুসৰি এই সময়খিনিত বনাঞ্চলখনত ৰাইজৰ প্ৰবেশ নিষিদ্ধ কৰা হৈছে । মানুহ, জীৱ-জন্ত, যান- বাহন আদিৰ প্ৰবেশ নিষিদ্ধ কৰি অঘটন ৰোধৰ পদক্ষেপ লোৱা হৈছে ।
যুঁজাৰু বিমানেৰে বোমা বৰ্ষণ, ৰকেট নিক্ষেপ, গুলীচালনা আদিৰ অনুশীলন কৰাৰ সময়ত যাতে প্ৰাণ হানি নহয় তাৰ বাবে জিলা দণ্ডাধীশে ১৪৪ ধাৰা জাৰি কৰি নিষেধাজ্ঞা আৰোপ কৰা বুলি উল্লেখ কৰিছে । উল্লেখ্য যে লখিমপুৰৰ দুলুং বনাঞ্চলত বিগ কেইবাবছৰৰ পৰা এনেদৰে বায়ু সেনাই অনুশীলন কৰি আহিছে । বিগত সময়ৰ দৰেই এইবাৰো শুকুৰবাৰৰ পৰা মাহজুৰি বনাঞ্চলখন কপি উঠিব বায়ু সেনাৰ বোমা বৰ্ষণ, ৰকেট নিক্ষেপ, গুলীচালনাৰ প্ৰচণ্ড শব্দত ।
লখিমপুৰ জিলাৰ দণ্ডাধীশ সুমিত সাত্তাৱানে আৰক্ষী অধীক্ষক, জিলাৰ বন বিষয়া, চুবুৰীয়া অৰুণাচলৰ উপায়ুক্ত, চক্ৰ বিষয়া, গাঁওৰক্ষী বাহিনী সকলোলৈ এই সন্দৰ্ভত নিৰ্দেশনাৰ প্ৰতিলিপি প্ৰেৰণ কৰিছে । চীনে চুবুৰীয়া অৰুণাচল প্ৰদেশক চীনৰ অংশ বুলি দাবী কৰি অহাৰ সময়তে অৰুণাচলৰ গাতে লাগি থকা বনাঞ্চলত ভাৰতীয় বায়ুসেনাৰ এনে সামৰিক অনুশীলনক লৈ ব্যাপক চৰ্চা হৈছে ।
লগতে পঢ়ক:Hiren Gohain Remarks on Bhupen Hazarika : ভূপেন হাজৰিকাক 'ৰাণ্ডি চাহেব চামচা' বুলি কিয় কৈছিল হীৰেণ গোঁহায়ে ?