অসম

assam

ETV Bharat / state

যুৱ প্ৰজন্মক পথাৰত সোণ বুটলিবলৈ শিকাইছে ভাৰত বৰুৱাই

থলুৱা বজাৰৰ সম্প্ৰসাৰণ আৰু অৰ্থনৈতিক বিকাশৰ সুযোগ আদিয়ে বহুজনক আকৰ্ষণ কৰিছে কৃষিৰ এই বিশাল ক্ষেত্ৰখনলৈ। সংস্থাপনৰ অভাৱত বহু শিক্ষিত যুৱক বিপথে পৰিচালিত হোৱাৰ বিপৰীতে কৃষিৰ জৰিয়তে নাওবৈচাৰ নাহৰবাৰী এজন আদৰ্শ যুৱক তথা শিক্ষক ভাৰত বৰুৱাই দেখুৱাইছে জীৱন-জীৱিকাৰ পথ।

By

Published : May 9, 2021, 6:44 PM IST

agriculture-story-of-nowboicha
শিক্ষিত নিবনুৱাৰ বাবে আদৰ্শ নাওবৈচাৰ শিক্ষক ভাৰত বৰুৱা

নাওবৈচা,৯ মে': 'পূবে হাঁহ,পশ্চিমে বাঁহ,উত্তৰে গুৱা,দক্ষিণে ধোঁৱা' ৷ বানে গৰকা নাওবৈচাত মাটিত সপোন দেখিছে এজন খেতিয়ক । একাগ্ৰতা, সততা আৰু ধৈৰ্য হৈছে স্বাৱলম্বনৰ প্ৰথম কেঁচা সামগ্ৰী । সাম্প্ৰতিক পৰিস্থিতিত সংস্থাপনৰ বাবে একাংশই হাহাকাৰ কৰিছে যদিও তাৰ বিপৰীতে আন একাংশই কৰ্মসংস্কৃতিৰ বিপ্লৱেৰে মুকলি কৰি দেখুৱাইছে আন দহজনৰ বাবে আদৰ্শৰ বাট । থলুৱা বজাৰৰ সম্প্ৰসাৰণ আৰু অৰ্থনৈতিক বিকাশৰ সুযোগ আদিয়ে বহুজনক আকৰ্ষণ কৰিছে কৃষিৰ এই বিশাল ক্ষেত্ৰখনলৈ । সংস্থাপনৰ অভাৱত বহু শিক্ষিত যুৱক বিপথে পৰিচালিত হোৱাৰ বিপৰীতে কৃষিৰ জৰিয়তে নাওবৈচাৰ নাহৰবাৰী এজন আদৰ্শ যুৱক তথা শিক্ষক ভাৰত বৰুৱাই দেখুৱাইছে জীৱন-জীৱিকাৰ পথ । ইমানেই নহয় এজন শিক্ষক হিচাপে ছাত্ৰ-ছাত্ৰীৰ মাজত জ্ঞানৰ পোহৰ বিলোৱাৰ সমান্তৰালকৈ বিঘাই বিঘাই পাণ আৰু ভোট জলকীয়া খেতি কৰি ৰাজ্যখনৰ লগতে চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ বজাৰ দখল কৰিবলৈ সক্ষম হৈছে ।

লখিমপুৰ জিলাৰ নাওবৈচা ৰাজহ চক্ৰৰ অন্তৰ্গত নাহৰবাৰী গাঁৱৰ নিবাসী তথা ২ নং দীঘপুখুৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ভাৰত বৰুৱাই পিতৃৰ জীৱিত কালৰ পৰাই পৰম্পৰাগত আৰু বৈজ্ঞানিক পদ্ধতিৰে এই খেতি কৰি আহিছে । ২০০১ চনত প্ৰাথমিক বিদ্যালয়ত চৰকাৰী শিক্ষক হিচাপে যোগদান কৰা ভাৰত বৰুৱাই নিজৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰাৰ লগতে কৃষি কৰ্মতো জড়িত হৈ পৰে । শিক্ষক ভাৰত বৰুৱাই ২০১৬ চনৰ পৰাই ব্যৱসায়ভিত্তিত এই পাণ আৰু ভোট জলকীয়া খেতি কৰাৰ লগতে গো-পালন আৰু মীন পালনতো জড়িত হৈ পৰে ।

শিক্ষিত নিবনুৱাৰ বাবে আদৰ্শ নাওবৈচাৰ শিক্ষক ভাৰত বৰুৱা

এই ক্ষেত্ৰত শিক্ষক তথা সফল খেতিয়ক ভাৰত বৰুৱাই ইটিভি ভাৰতৰ আগত কয় যে, পিতৃৰ পৰা পৰম্পৰাগতভাৱে শিকি অহা বিভিন্ন খেতিৰ প্ৰণালীবোৰ ২০১৬ চনত সম্পূৰ্ণ বৈজ্ঞানিক পদ্ধতিৰে কৰিবলৈ উদ্যোগ লয়। প্ৰথম পৰ্যায়ত এবিঘা ভূমিত ভোট জলকীয়াৰ খেতি আৰম্ভ কৰি ভবাতকৈ বেছি লাভ হোৱা দেখি ঘৰৰ চাৰিওফালে আৰু পথাৰত বহল ভিত্তিত ভোট জলকীয়া আৰু পাণ খেতি কৰিবলৈ আৰম্ভ কৰা হয় ৷ এই সকলোবোৰ বজাৰত বিক্ৰী কৰি আঢ়ৈ লাখৰ পৰা তিনি লাখ পৰ্যন্ত উপাৰ্জন কৰিবলৈ সক্ষম হোৱা বুলিও প্ৰকাশ কৰে ভাৰত বৰুৱাই ৷

উল্লেখ্য যে, প্ৰধান শিক্ষক তথা আদৰ্শ কৃষক ভাৰত বৰুৱাই বৰ্তমান প্ৰায় তিনি বিঘাতকৈ অধিক ভূমিত ভোট জলকীয়া আৰু চাং পাণৰ খেতি কৰাৰ উপৰিও উন্নত জাতৰ গো-পালন আৰু মীন পালনত জড়িত হৈ কৃষিৰ জৰিয়তে অঞ্চলটোত এজন আদৰ্শবান ব্যক্তিত পৰিণত হৈ পৰিছে । আনহাতে, এই সকলোধৰণৰ খেতিৰ বাবে ভাৰত বৰুৱাই সম্পূৰ্ণ নিজা চিন্তাৰে ঘৰতে পুলি উৎপাদন কৰি কৃষি কৰ্মত আত্মনিয়োগ কৰি আহিছে । ইয়াৰ লগতে নাওবৈচা শিক্ষাখণ্ডৰ অধীনস্থ সকলো প্ৰাথমিক বিদ্যালয়ত নিজা উদ্যোগত বিভিন্ন ধৰণৰ ফল-মূলৰ গছপুলি ৰোপণৰ বাবেই চিন্তা চৰ্চা কৰি আছে বুলিও জানিবলৈ দিয়ে।

জানিব পৰা মতে, ভাৰত বৰুৱাই প্ৰতি কেজি জলকীয়াত ৫০০ ৰ পৰা ৬০০ টকা পাবলৈ সক্ষম হোৱাৰ লগতে প্ৰতি গুচি পাণ পোন্ধৰৰ পৰা বিশ টকাত বিক্ৰী কৰি আহিছে । ইফালে সকলো খেতিত ২০ হাজাৰৰ পৰা ২৫ হাজাৰ খৰচ কৰি আঢ়ৈ তিনি লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে । প্ৰতিদিনে পুৱা ৫ বজাত নিজৰ কৃষিভূমিত জড়িত হৈ ৯ বজাত বিদ্যালয়লৈ যায় আৰু পুনৰ তিনি বজাত বিদ্যালয়ৰ পৰা ঘূৰি আহি কৃষিকৰ্মত জড়িত হৈ পৰে ভাৰত বৰুৱা ।

তদুপৰি, এই কৃষিকৰ্মত তেওঁৰ লগত ছাঁৰ দৰে লাগি থাকি সহায়ৰ হাত আগবঢ়াই আহিছে তেওঁ ভাতৃ তথা চৰকাৰী চাকৰিয়াল বিমান বৰুৱাই । কৃষিকৰ্ম আৰু উৎপাদনমুখী চিন্তাৰ জৰিয়তে বহু নিবনুৱাক সংস্থাপনৰ সোণালী পথ দেখুৱা শিক্ষক তথা আদৰ্শ কৃষক ভাৰত বৰুৱাই ভৱিষ্যত পৰিকল্পনাৰ বিষয়ে মন্তব্য কৰি কয়, অনাগত দিনত যুৱক-যুৱতী সকলক লৈ বৃহৎ পৰিসৰত ভোট জলকীয়া আৰু পাণ খেতি কৰা মন আছে । জীৱন-জীৱিকাৰ সন্ধানত হতাশ হৈ পৰা নিবনুৱা যুৱক-যুৱতী সকলক এক আদৰ্শ দেখুৱাই অহা শিক্ষক ভাৰত বৰুৱাই নতুন প্ৰজন্মৰ যুৱক-যুৱতীসকলক কৃষিক্ষেত্ৰৰ জৰিয়তে আত্মনিৰ্ভশীল হ'বলৈ ইটিভি ভাৰতৰ জৰিয়তে আহ্বান জনায় ।

লগতে পঢ়ক:বিগত 24 ঘন্টাত ভাৰতত ক‘ভিডত মৃত্যু ৪০৯২ জনৰ

ABOUT THE AUTHOR

...view details