অসম

assam

By

Published : Mar 22, 2021, 10:33 PM IST

ETV Bharat / state

জয়ন্ত খাউণ্ডৰ নির্বাচনী সভাত মন্ত্ৰী অতুল বৰা

নাওবৈচা সমষ্টিৰ পৰা মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত খাউণ্ড জয়ী হোৱাৰ কথা উল্লেখ কৰি ৰাজ্যতো অগপ-বিজেপিৰ মিত্ৰজোঁটে যোৱাবাৰতকৈ অধিক আসন দখল কৰি পুনৰবাৰ চৰকাৰ গঠনৰ কৰিব বুলি মন্তব্য কৰে মন্ত্ৰী অতুল বৰাই ।

agp pesident election campaign in nowboicha
নাওবৈচাত জয়ন্ত খাউণ্ডৰ নির্বাচনী সভাত মন্ত্ৰী অতুল বৰা

নাওবৈচা,২২ মাৰ্চ: অসম বিধানসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনলৈ মাজত মাত্ৰ পাঁচটা দিন বাকী থকাৰ সময়তে নাওবৈচা বিধানসভা সমষ্টিত প্ৰচাৰ অভিযানে তীব্রতৰ ৰূপ লৈছে । এসময়ত অগপৰ দুৰ্গ হিচাপে পৰিগণিত নাওবৈচা সমষ্টিটো পুনৰ উদ্ধাৰ কৰাৰ লক্ষ্যৰে এইবাৰ অগপ-বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত খাউণ্ডে ব্যাপকভাৱে নিৰ্বাচনী প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে । সোমবাৰে সমষ্টিটোত জয়ন্ত খাউণ্ডৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই অগপ দলৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই । সমষ্টিটোৰ সংখ্যালঘু বসতি প্ৰধান যুৱ নগৰ ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত নির্বাচনী সভাত মন্ত্ৰী অতুল বৰাই কংগ্ৰেছ আৰু এআইইউডিএফ দলক সমালোচনাৰ লক্ষ্য কৰি লয় ।

নাওবৈচাত জয়ন্ত খাউণ্ডৰ নির্বাচনী সভাত মন্ত্ৰী অতুল বৰা

মন্ত্ৰী গৰাকীয়ে ভাষণ প্ৰসংগত কেন্দ্ৰ আৰু ৰাজ্যত বিজেপি চৰকাৰ থকালৈকে অসমৰ কোনো সংখ্যালঘু ৰাইজে শংকিত হ’ব নালাগে বুলি উল্লেখ কৰে । তেওঁ এই চৰকাৰে সংখ্যালঘু ৰাইজক প্ৰতিটো আঁচনিৰ হিতাধিকাৰী কৰাৰ লগতে সংখ্যালঘু অঞ্চলত ৰাস্তা-ঘাট পকীকৰণ কৰাৰ বাবে মিত্ৰজোঁটৰ চৰকাৰখনৰ ওপৰত জনতাৰ সম্পূৰ্ণ আস্থা থকাৰ কথা উল্লেখ কৰে ৷ যাৰ কাৰণে আজিৰ সভালৈ হাজাৰ হাজাৰ মানুহ ওলাই আহিছে বুলি তেওঁ উল্লেখ কৰে । মন্ত্ৰীগৰাকীয়ে লগতে নাওবৈচা সমষ্টিৰ পৰা মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত খাউণ্ড জয়ী হোৱাৰ কথা উল্লেখ কৰি ৰাজ্যতো অগপ-বিজেপিৰ মিত্ৰজোঁটে যোৱাবাৰতকৈ অধিক আসন দখল কৰি পুনৰবাৰ চৰকাৰ গঠনৰ কৰিব বুলি মন্তব্য কৰে ।

লগতে পঢ়ক :এটোৱা মুণ্ডাক পহুখেদা: প্ৰতিক্ৰিয়া প্ৰকাশ

ABOUT THE AUTHOR

...view details