অসম

assam

By

Published : Feb 8, 2021, 10:52 PM IST

ETV Bharat / state

বঙালমৰাত অগপৰ বিশাল মহিলা সমাৰোহ

ৰাজ্যৰ 2021 ৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী ৷ নিৰ্বাচনৰ দিন ক্ৰমাৎ চমু চাপি অহাৰ লগে লগে তৎপৰতা বৃদ্ধি পাইছে ৰাজনৈতিক দলসমূহৰ ৷ নাওবৈচা সমষ্টিত আঞ্চলিক দল অগপই ব্যাপকভাৱে নিৰ্বাচনী ৰণকৌশল ৰচনা কৰি ব্যস্ত হৈ পৰিছে ভেটি মজবুত কৰাত ৷

AGP MEETING AT NOWBOICHA
নাওবৈচাৰ বঙালমৰাত অগপৰ বিশাল মহিলা সমাৰোহ

নাওবৈচা,৮ ফেব্ৰুৱাৰী:ৰাজ্যৰ 2021ৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী ৷ নিৰ্বাচনৰ দিন ক্ৰমাৎ চমু চাপি অহাৰ লগে লগে তৎপৰতা বৃদ্ধি পাইছে ৰাজনৈতিক দলসমূহৰ ৷ ৰাজ্যৰ অন্যান্য সমষ্টিৰ লগতে এসময়ত সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাই প্ৰতিনিধিত্ব কৰা ১১০ নং নাওবৈচা সমষ্টিটো নিৰ্বাচনীৰ গৰম বতাহ বলিবলৈ আৰম্ভ কৰিছে ৷ সমষ্টিটোত শাসকীয় বিজেপিৰ দলকে ধৰি অগপ, কংগ্ৰেছ, এজেপি, ৰাইজৰ দলকে ধৰি ৰাজ্যৰ প্ৰতিটো ৰাজনৈতিক দল ব্যস্ত ভেটি মজবুত কৰাত ৷ আঞ্চলিক দল অগপই ব্যাপক ভাৱে নিৰ্বাচনী ৰণকৌশল ৰচনা কৰিছে নাওবৈচা সমষ্টিত ৷

নাওবৈচাৰ বঙালমৰাত অগপৰ বিশাল মহিলা সমাৰোহ

কিছুদিন পূৰ্বে অগপই জাতীয় ঐক্য সমাৰোহ অনুষ্ঠিত কৰি নিজা শক্তি প্ৰদর্শন কৰাৰ পিছত সোমবাৰে নাওবৈচাৰ বঙালমৰাত বিশাল মহিলা সমাৰোহ অনুষ্ঠিত কৰি একপ্ৰকাৰ 2021ৰ নিবাৰ্চনৰ ৰণডংকা বজালে অগপই ৷ সমাৰোহত সমষ্টিটোৰ সাম্ভাব্য প্ৰাৰ্থী তথা অগপৰ কেন্দ্ৰীয় সমিতি সম্পাদক জয়ন্ত খাউণ্ডৰ লগতে অগপৰ মহিলা পৰিষদৰ সভানেত্ৰী বৰোদা কলিতা, কাৰ্যকৰী সভানেত্ৰী মামনী বৰা, সম্পাদিকা অজয়া ৰাভাকে আদি কৰি দলৰ বহুকেইগৰাকী শীৰ্ষ নেত্ৰীয়ে অংশগ্ৰহণ কৰি আগন্তুক সময়ত অগপক অধিক শক্তিশালী কৰি তুলিবলৈ উপস্থিত মহিলাক আহ্বান জনায় ৷

আনহাতে,ভাষণৰ সমান্তৰালভাৱে গীতে-মাতে মহিলা সমাৰোহখনি জীপাল কৰি তুলিলে কণ্ঠশিল্পী প্ৰণামিকা গোস্বামীয়ে ৷ ইপিনে,সমষ্টিটোৰ সাম্ভাব্য প্ৰাৰ্থী জয়ন্ত খাউণ্ডে নিজৰ ভেটি শক্তিশালী কৰি তুলি আগন্তুক নিৰ্বাচনৰ বাবে সাজু হোৱাৰো ইংগিত প্ৰদান কৰে ৷

উল্লেখযোগ্য যে, বিজেপিৰে মিত্ৰতাত থাকিলেও সমষ্টিটোত অগপ আৰু বিজেপিয়ে ভাগে ভাগে চলাই গৈছে নিৰ্বাচনী তৎপৰতা ৷ বিগত ২০১৬ৰ বিধানসভা নিৰ্বাচনতো মিত্ৰতাৰ বন্ধনত থকাৰ পিছতো অগপ আৰু বিজেপিয়ে নিজা নিজা প্ৰাৰ্থী থিয় কৰোৱাইছিল সমষ্টিটোত ৷ যাৰ পৰিণতিত ভোট বিভাজন হৈ এআইইউডিএফৰ দখললৈ গৈছিল সমষ্টিটো ৷ এইবাৰো দুয়োটা দলে নিজা নিজা প্ৰাৰ্থী থিয় কৰাবনে নে এজন প্ৰাৰ্থীক লৈয়ে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ'ব সেইয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব ৷

লগতে পঢ়কঃঅসম লোকসেৱা আয়োগৰ নতুন অধ্যক্ষ ৰাজীৱ কুমাৰ বৰা

ABOUT THE AUTHOR

...view details