বিহপুৰীয়া, 29 আগষ্ট :AGP মানে অসম গলা কটা পাৰ্টি । এই মন্তব্য অসম গণ পৰিষদ দলৰ একাংশ প্ৰাক্তন নেতা-কৰ্মীৰ । ইতিমধ্যে পদত্যাগ কৰা দলটোৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক অচ্যুৎ শইকীয়াই নাৰায়ণপুৰত এখন সংবাদমেল সম্বোধন কৰি অগপৰ কেন্দ্ৰীয় নেতৃবৃন্দক তীৰ্যক সমালোচনা কৰে । অগপক কেৱল চমক সৃষ্টিকাৰী দল হিচাপে আখ্যা দি প্ৰাক্তন কেন্দ্ৰীয় নেতাগৰাকীয়ে নতুন প্ৰজন্মৰ যুৱক-যুৱতীসকলক অসম গণ পৰিষদত যোগদান নকৰিবলৈ আহ্বান জনায় ।
855জন শ্বহীদৰ নাম লৈ গঠিত অগপই আজি সেইসকল শ্বহীদক লৈ খেলা কৰা বুলিহে গুৰুতৰ অভিযোগ উত্থাপন কৰাৰ লগতে দলটোৰ নেতৃত্বৰ সেইসকল শ্বহীদক স্মৰণ কৰাৰ অধিকাৰ নাই বুলি দাবী কৰে । শ্বহীদসকলৰ আত্মাই অগপ নেতৃত্বক ক্ষমা নকৰে বুলি উল্লেখ কৰি 21ৰ নিৰ্বাচনত অগপই এখনো আসন লাভ নকৰে বুলিও সজোৰে দাবী উত্থাপন কৰে জ্যেষ্ঠ নেতাগৰাকীয়ে । সভাপতি অতুল বৰাই 855গৰাকীৰটো দূৰৰে কথা 10জন শ্বহীদৰ নামো স্পষ্টকৈ ক'ব নোৱাৰে বুলি দাবী কৰি প্ৰাক্তন নেতাগৰাকীয়ে শ্বহীদ পৰিয়ালসমূহক কেন্দ্ৰীয় নেতৃত্বক প্ৰশ্ন কৰিবলৈও আহ্বান জনায় ।