অসম

assam

By

Published : Mar 19, 2021, 1:20 PM IST

ETV Bharat / state

গুমৰাঙৰ তালে তালে প্ৰাৰ্থী জয়ন্ত খাউণ্ডৰ নিৰ্বাচনী প্ৰচাৰ

নাওবৈচা সমষ্টিত অগপ-বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত খাউণ্ডৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ অভিযান ৷ গুমৰাগ-ঐনিতমৰ তালে তালে চলালে প্ৰচাৰ অভিযান ৷ মিচিং জনগোষ্ঠীয় লোকৰ ব্যাপক সঁহাৰি ৷

গুমৰাঙৰ তালে তালে প্ৰাৰ্থী জয়ন্ত খাউণ্ডৰ নিৰ্বাচনী প্ৰচাৰ
গুমৰাঙৰ তালে তালে প্ৰাৰ্থী জয়ন্ত খাউণ্ডৰ নিৰ্বাচনী প্ৰচাৰ

নাওবৈচা, ১৯মাৰ্চ: আগন্তুক ২৭মার্চত হ’ব লগীয়া অসম বিধান সভাৰ প্ৰথম পৰ্যায়ৰ নিবাৰ্চনক লৈ উত্তৰ অসমৰ বিশেষকৈ নাওবৈচা সমষ্টিত মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত খাউণ্ডে নামি পৰিছে ব্যাপক প্ৰচাৰ অভিযানত ৷ নাওবৈচা সমষ্টিটোৰ অন্তৰ্গত মিচিং বসতি প্ৰধান ৰঙানদী পঞ্চায়তত মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত খাউণ্ডে বৃহস্পতিবাৰৰ লগতে শুকুৰবাৰে পুৱাৰ ভাগতো ব্যতিক্ৰমী ৰূপত প্ৰচাৰ অভিযান চলোৱা পৰিলক্ষিত হয় ।

উল্লেখ্য যে, এই সমষ্টিটো এইবাৰ অগপ-বিজেপিৰ মিত্ৰজোঁট, কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মাজত তিনিকোণীয়া প্ৰতিদ্বন্দিতা হোৱাৰ সম্ভাৱনা আছে ৷ "উজ্জীৱিত অসম উজ্জীৱিত নাওবৈচা" শ্ল’গানেৰে নৱপ্ৰজন্মক আগত লৈ মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত খাউণ্ডে সমষ্টিটোত এক নতুন অঞ্চলিকতাবাদক প্ৰতিষ্ঠা কৰি ব্যাপক ভাৱে নিৰ্বাচনী প্ৰচাৰ অভিযানত নামি পৰিছে ।

গুমৰাঙৰ তালে তালে প্ৰাৰ্থী জয়ন্ত খাউণ্ডৰ নিৰ্বাচনী প্ৰচাৰ

নাওবৈচা সমষ্টিটো বসবাস কৰা প্ৰায় বিশ হাজাৰ মিচিং ভোটাৰক আকৰ্ষিত কৰি তোলাৰ লক্ষ্যৰে মিত্ৰজোঁটৰ প্ৰাৰ্থী গৰাকীয়ে ইতিমধ্যে নানা ৰঙকৌশল প্ৰস্তুত কৰিছে ।

মিচিং গাভৰু সকলক লগত লৈ গুমৰাং নৃত্য আৰু ঐনিতমৰ সুৰেৰে নিৰ্বাচনী প্ৰচাৰ অভিযান চলোৱা পৰিলক্ষিত হৈছে । আনকি জয়ন্ত খাউণ্ডে কান্ধত ঢোল লৈ মিচিং যুৱতীসকলক ঐনিতমৰ তালে তালে নচুৱাই পঞ্চায়ত খনত নিৰ্বাচনী প্ৰচাৰ অভিযান চলাই । ইয়াকে লৈ পঞ্চায়ত খনৰ মিচিং লোকসকল উৎসাহী হৈ পৰাৰ পৰিলক্ষিত হয় ।

গুমৰাঙৰ তালে তালে প্ৰাৰ্থী জয়ন্ত খাউণ্ডৰ নিৰ্বাচনী প্ৰচাৰ

উল্লেখ্য যে, পঞ্চায়ত খনৰ অতি ভিতৰুৱা শালমৰা, দুবাৰগাঁও, গেছেক পমুৱা আদি গাঁও সমূহত প্ৰাৰ্থী গাৰকীয়ে নিৰ্বাচনী প্ৰচাৰ চলাই । ইফালে প্ৰাৰ্থী গৰাকীক এই ব্যতিক্ৰমী প্ৰচাৰ অভিযানত মিচিং লোকসকলে ব্যাপক সঁহাৰি জনোৱা পৰিলক্ষিত হয় ৷

লগতে পঢ়ক:চেঙাৰ হিংসাত্মক ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে শুকুৰ আলীৰ পত্নীয়ে

ABOUT THE AUTHOR

...view details