অসম

assam

ETV Bharat / state

নাওবৈচা-টীয়কত অগপৰ 36 সংখ্যক প্ৰতিষ্ঠা দিৱস পালন - বিধানসভা নিৰ্বাচন

টীয়ক-নাওবৈচাতো অগপৰ প্ৰতিষ্ঠা দিৱস উদযাপন ৷ দিনযোৰা কাৰ্যসূচীৰে পালন কৰা হয় প্ৰতিষ্ঠা ৷ উপস্থিত বহু কেইগৰাকী দলীয় নেতাকৰ্মী ৷

AGP 36 th Foundation Day Celebrete In Jorhat Teok And Naouboicha
নাওবৈচা-টীয়কত অগপৰ 36 সংখ্যক প্ৰতিষ্ঠা দিৱস পালন

By

Published : Oct 14, 2020, 10:18 PM IST

নাওবৈচা,টীয়ক, 14 অক্টোবৰ : এক দীৰ্ঘদিনীয়া সংগ্ৰামৰ মাজেৰে এক ঐতিহাসিক পটভূমিত 1985 চনত জন্ম লাভ কৰা ৰাজ্যৰ প্ৰধান আঞ্চলিকতাবাদী ৰাজনৈতিক দল অসম গণ পৰিষদৰ 36 সংখ্যক প্ৰতিষ্ঠা দিৱস নাওবৈচা বিধান পৰিষদৰ উদ্যোগত দিনযোৰা কাৰ্যসূচীৰে দলটোৰ দলীয় কৰ্মকতাই উদযাপন কৰে । নাওবৈচাৰ ৰঙানদী পঞ্চায়তৰ অন্তৰ্গত শালমৰাৰ ত্ৰিনয়ন কলা কৃষ্টি বিকাশ কেন্দ্ৰৰ প্ৰাংগনত পুৱা 9 বজাত নাওবৈচা বিধান পৰিষদৰ সভাপতি ৰমণী শইকীয়াই দলীয় পতকা উত্তোলনেৰে শুভাৰম্ভ কৰে ৷

নাওবৈচাত অগপৰ 36 সংখ্যক প্ৰতিষ্ঠা দিৱস পালন

প্ৰতিষ্ঠা দিৱসত শ্বহীদ সকলক শ্ৰদ্ধাঞ্জলী জনাই নাওবৈচা বিধান পৰিষদৰ সম্পাদকদ্বয় সোমেশ্বৰ বৰা আৰু আবু চহিদে । নাওবৈচা বিধান পৰিষদৰ সভাপতি ৰমণী শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত হোৱা হোৱা মূল সভাখন উদ্ধোধন কৰে অগপৰ ৰাজ্যিক সমিতিৰ সম্পাদক জয়ন্ত খাউণ্ডে । উদ্বোধনী ভাষণত খাউণ্ডে দলটো প্ৰতিষ্ঠাৰ ক্ষেত্ৰত যিসকল মহান শ্বহীদে আত্মবলিদান দিলে তেওঁলোকৰ আত্মই আজিও আঞ্চলিক শক্তিক বিচাৰি থকাৰ বাবেই দলটোৱে বহু দুৰ্যোগৰ মাজতো মূৰ দাঙি আছে বুলি মন্তব্য প্ৰদান কৰে ।

লগতে পঢ়ক :অৱধাৰিত হৈ থকাটো বৃহৎ প্ৰত্যাহ্বান : ইগা স্বিয়াটেক

নেতা গৰাকীয়ে লগতে কয় যে, 6 বছৰীয়া আন্দোলনৰ ফলশ্ৰুতিত অসমৰ ৰাইজৰ মৰম আৰু আৰ্শীবাদত জন্ম লাভ কৰা আঞ্চলিক দলটোক ৰাষ্ট্ৰীয় দলৰ নিকৃষ্ট ৰাজনৈতিক কৌশলত পৰি কেতিয়াবা বিধ্বস্ত হলেও বৰ্তমান অগপৰ দলে প্ৰগতিশীল ভাৱধাৰা আগত লৈ সমাগত বিধানসভা নিৰ্বাচনত 15 ৰ পৰা 16 খন আসনত জয়লাভ কৰিব বুলি দাবী কৰে ।

উল্লেখ্য যে, সভাত নিদিষ্ট অতিথি হিচাপে উপস্থিত থাকি নাওবৈচাৰ বিশিষ্ট শিক্ষাবিদ নৱ কাকতিয়ে অগপৰ দলটোৱে পূৰ্বৰ গৰিমাৰ কথা উল্লেখ কৰি সেই গৰিমা পুনৰ উদ্ধাৰ কৰি দলটোক শক্তিশালী কৰি তুলিবলৈ কৰ্মী সকলক আহ্বান জনায় ।

লগতে পঢ়ক :ধাৰাষাৰ বৰষুণৰ ফলত হায়দৰাবাদত কন্যাৰ লগতে মহিলাৰ মৃত্যু

আনহাতে, যোৰহাট জিলাৰ টীয়ক সমষ্টিটো অসম গণ পৰিষদৰ 36 সংখ্যক প্ৰতিষ্ঠা দিৱস পালন কৰা হয় । টীয়ক বিধান পৰিষদৰ উদ্যোগত আৰু পঞ্চায়ত পৰিষদৰ সহযোগত অনুষ্ঠিত এই প্ৰতিষ্ঠা দিৱস পুৱা পতাকা উত্তোলন, শ্বহীদ তৰ্পন, সতীৰ্থ সোঁৱৰণকে ধৰি কেইবাটাও কাৰ্যসূচীৰে পালন কৰাৰ উপৰিও দুপৰীয়া এখন মুকলি সভাৰ আয়োজন কৰা হয় ।

টীয়কত অগপৰ 36 সংখ্যক প্ৰতিষ্ঠা দিৱস পালন

টীয়ক বিধান পৰিষদৰ সভাপতি যুৱনেতা বিকাশ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত এই মুকলি সভাত টীয়কৰ বিধায়িকা ৰেণুপমা ৰাজখোৱাই এগছি বন্তি প্ৰজ্বলন কৰি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে । উক্ত সভাত বিশিষ্ট ৰাজনৈতিক বিশ্লেষক উৎপল বৰুৱা, শিক্ষাবিদ ধীৰেন কলিতা, বিশিষ্ট অধিবক্তা ইন্দ্ৰজিত কাকতি, ৰিন্টু গোস্বামী, শিক্ষাবিদ বিৰিঞ্চি বৰাকে প্ৰমুখ্য কৰি ভালে সংখ্যক ব্যক্তি উপস্থিত থাকি ৰাজনৈতিক ভাৱে আঞ্চলিকতাবাদী ভাৱধাৰা অব্যাহত ৰাখিবলৈ অনাগত দিনত দলটোৰ কৰণীয়ৰ ওপৰত আলোকপাত কৰে ।

টীয়কত অগপৰ 36 সংখ্যক প্ৰতিষ্ঠা দিৱস পালন

লগতে পঢ়ক :চৰকাৰী নীতি নিৰ্দেশনা মানি দূৰ্গা পূজাৰ বাবে সাজু মহানগৰৰ পূজা সমিতি

For All Latest Updates

ABOUT THE AUTHOR

...view details