লখিমপুৰ, ২২ ডিচেম্বৰ :ৰাজ্যত শীঘ্ৰে বন্ধ হ'ব আদৰণি সেৱা (Decision to discontinue the Adarani scheme) । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কেবিনেটে গ্ৰহণ কৰা এই হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে আদৰণি সেৱাৰ চালক কৰ্মচাৰীসকল । এই সিদ্ধান্ত বাতিলৰ দাবীত ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ সাব্যস্ত কৰিছে আদৰণি সেৱাৰ চালকে(Adarani Driver Association Protest) ।
ৰাজ্য চৰকাৰে হাজাৰ হাজাৰ নিবনুৱাক নিযুক্তি প্ৰদানৰ প্ৰতিশ্ৰুতি দিয়াৰ সময়তে একাংশ কৰ্মচাৰী কৰ্মহীন হোৱাৰ উপক্রম ঘটিছে । চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে লখিমপুৰতো আদৰণি চালকে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে । লখিমপুৰত বৃহস্পতিবাৰে জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয়ৰ সন্মুখত চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদত বহিল আদৰণি সেৱাৰ চালকসকল (Adarani scheme driver protest at Lakhimpur)। তেওঁলোকে এটা দশক ধৰি আদৰণি বাহনৰ চালক হিচাপে কৰ্মৰত হৈ থকাৰ পাছত এতিয়া চৰকাৰে এই ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰি তেওঁলোকৰ জীৱনলৈ অন্ধকাৰ নমাই আনিব বুলি উদ্বেগ প্ৰকাশ কৰিছে চালকসকল ।
তেওঁলোকে উল্লেখ কৰা মতে নতুন বা বিকল্প চাকৰিৰ বাবে এতিয়া বয়সো নাই । সেয়ে আদৰণি সেৱা বন্ধ কৰিলেও তেওঁলোকক স্বাস্থ্য বিভাগৰ অন্য কোনো কামত নিযুক্তি দি জীয়াই থকাৰ সুবিধা কৰিবলৈ চৰকাৰক আহ্বান জনায় । প্ৰতিবাদস্থলীৰ পৰাই আদৰণি সেৱাৰ চালকসকলে জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ জৰিয়তে মুখ্যমন্ত্রী, স্বাস্থ্য মন্ত্রীলৈ এখন স্মাৰক পত্রও প্ৰেৰণ কৰে ।