লখিমপুৰ,18 মে’ :লখিমপুৰ আৰক্ষীৰ জালত পৰিল মৈমদীয়া হত্যাকাণ্ডৰ মূল অভিযুক্ত আফজত আলী (Lakhimpur murder accused arrested)৷ এজন যুৱকক ছুৰীৰে উপৰ্যুপৰি হানি-খুচি হত্যা কৰিছিল আফজতে ৷ দেওবাৰে নিশা লখিমপুৰৰ মৈদমীয়াত সংঘটিত হৈছিল এই লোমহৰ্ষক হত্যাকাণ্ড ৷ এখন বিবাহথলীত লুডু খেলক কেন্দ্ৰ কৰি কাজিয়াৰ সূত্ৰপাত ঘটিছিল আফজত আৰু আন এজন যুৱকৰ মাজত (Clash in Ludu game)৷ দিনৰ ভাগত সেই কাজিয়া মীমাংসা হয় যদিও নিশা বিবাহথলীতেই আফজতে হত্যা কৰে যুৱকজনক ৷
এই হত্যাকাণ্ড সংঘটিত হোৱাৰ পিছৰে পৰা পলাতক অৱস্থাত আছিল অভিযুক্ত আফজত আলী ৷ কিন্তু ঘটনাৰ 48 ঘণ্টাৰ ভিতৰতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিযুক্তক(Accused of Lakhimpur murder arrested) ৷ হত্যাকাণ্ডটো সংঘটিত হোৱাৰ পিছৰে পৰা অভিযুক্ত আফজত আলীয়ে নাওবৈচাত আত্মগোপন কৰি থকা বুলি আৰক্ষীয়ে জানিবলৈ দিছে ৷