অসম

assam

ETV Bharat / state

আৰক্ষীৰ বিৰুদ্ধে ধৰ্ষণৰ অপচেষ্টাত জড়িত অভিযুক্তক ৰক্ষণাবেক্ষণৰ অভিযোগ - ধৰ্ষণৰ অপচেষ্টা

ধৰ্ষণৰ অপচেষ্টা চলোৱা দুৰ্বৃত্তক ৰক্ষণাবেক্ষণ দিয়াৰ প্ৰতিবাদত দেওবাৰৰ দিনটোত উত্তাল হ’ল ৰাজ্যৰ এখন আৰক্ষী চকী ৷ এই ঘটনা সংঘটিত হৈছে লখিমপুৰৰ জহিং আৰক্ষী চকীত ৷

Accused maintenance charges against Jahing police lakhimpur assam etv bharat news
অভিযুক্তক ৰক্ষণাবেক্ষণৰ অভিযোগ

By

Published : Sep 6, 2020, 9:40 PM IST

লখিমপুৰ,6 ছেপ্তেম্বৰ:ধৰ্ষণৰ অপচেষ্টা চলোৱা দুৰ্বৃত্তক ৰক্ষণাবেক্ষণ দিয়াৰ প্ৰতিবাদত দেওবাৰৰ দিনটোত উত্তাল হ’ল ৰাজ্যৰ এখন আৰক্ষী চকী ৷ এই ঘটনা সংঘটিত হৈছে লখিমপুৰৰ জহিং আৰক্ষী চকীত ৷ জিলাখনৰ সদৰ আৰক্ষী থানাৰ অন্তৰ্গত জহিং আৰক্ষী চকীৰ দিজু চাপৰিৰ ডেৰ শতাধিক ৰাইজে আৰক্ষী চকী ঘেৰাও কৰি সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ । ঘটনাৰ বিৱৰণী অনুসৰি, বিগত দুই ছেপ্তেম্বৰৰ নিশা দিজু চাপৰিৰ এগৰাকী ব্যক্তিয়ে একে গাঁৱৰে এগৰাকী বোৱাৰীক নিশাৰ আন্ধাৰৰ সুযোগ লৈ ধৰ্ষণৰ অপচেষ্টা চলাইছিল ৷ দৈৱক্ৰমে ব্যক্তিগৰাকীক স্থানীয় ৰাইজে কৰায়ত্ত কৰি আৰক্ষীক গতাই দিয়ে ৷

অভিযুক্তক ৰক্ষণাবেক্ষণৰ অভিযোগ

ৰহস্যজনকভাৱে আৰক্ষীয়ে অভিযুক্তক শাস্তি প্ৰদানৰ বিপৰীতে বৰ্তমান ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ ইয়াৰে প্ৰতিবাদত দেওবাৰে ৰাইজে আৰক্ষী চৌহদ ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে দোষীৰ শাস্তি দাবী কৰে ৷ উত্তেজিত ৰাইজক দেখি ঘটনাস্থলীত উপস্থিত হয় লখিমপুৰ আৰক্ষী ৷ পৰৱৰ্তী পৰ্যায়ত আৰক্ষীয়ে ৰাইজৰ লগত আলোচনা কৰি ঘটনাৰ উচিত ব্যৱস্থা গ্ৰহণৰ আশ্বাস প্ৰদান কৰাতহে ৰাইজ শান্ত হয় ৷

লগতে চাওকঃগৰিয়া বিলত সমূহীয়া মাছ ধৰা উৎসৱ

ABOUT THE AUTHOR

...view details