অসম

assam

ETV Bharat / state

নাৰায়ণপুৰত অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিন উদযাপন - asin games

৩ ছেপ্তেম্বৰ অসমবাসীৰ বাবে এক গুৰুত্বপূৰ্ণ দিন ৷ এই দিনটোতে জন্ম গ্ৰহণ কৰিছিল অৰ্জুন বঁটা বিজয়ী ক্ৰীড়াবিদ ভোগেশ্বৰ বৰুৱাই ৷ ১৯৬৬ চনত বেংককত অনুষ্ঠিত এচিয়ান গেমছত সোণৰ পদক লাভ কৰা প্ৰথম অসমীয়া ভোগেশ্বৰ বৰুৱাৰ প্ৰতি সন্মান জনাই ১৯৮৪ চনৰ পৰা অসমজুৰি তিনি ছেপ্তেম্বৰৰ দিনটোত ‘অভিৰুচি ক্ৰীড়া দিৱস' পালন কৰা হৈছে ।

Abhirusi Divash celebration at narayanpur
নাৰায়ণপুৰত অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিন উদযাপন

By

Published : Sep 4, 2021, 9:20 AM IST

বিহপুৰীয়া, 4 ছেপ্তেম্বৰ : শুকুৰবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত উদযাপন কৰা হৈছে ৰাজ্যিক ক্ৰীড়া দিৱস ৷ বিশিষ্ট ক্ৰীড়াবিদ অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিনৰ এই বিশেষ দিনটোতে ৰাজ্যত উদযাপন কৰা হয় অভিৰুচি ক্ৰীড়া দিৱস৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ নাৰায়ণপুৰতো অলিম্পিয়া ভলীবল ক্লাবে উদযাপন পৰে অৰ্জুন বঁটা বিজয়ী ভোগেশ্বৰ বৰুৱাৰ জন্মদিন ৷

অভিৰুচি ক্ৰীড়া দিৱস উদযাপন

১৯৯৯ চনতে নাৰায়ণপুৰত গঠন হোৱা অলিম্পিয়া ভলীবল ক্লাবে শুকুৰবাৰে পুৱাৰে পৰা অনুষ্টুপীয়াকৈ উদযাপন কৰে অভিৰুচি ক্ৰীড়া দিৱস ৷ এই ক্ৰীড়া দিৱসৰ লগত সংগতি ৰাখি শুকুৰবাৰে এখনি প্ৰীতি ভলীবল খেলৰো আয়োজন কৰে অলিম্পিয়া ভলীবল ক্লাৱে ৷ ইয়াৰ লগতে শুকুৰবাৰে বিয়লিৰ ভাগত অনলাইনযোগে এখনি বক্তৃতানুষ্ঠানৰো আয়োজন কৰা হয় ৷

উল্লেখ্য যে, ইয়াৰ পূৰ্বে অলিম্পিয়া ভলীবল দলে অসমৰ বিভিন্ন প্ৰান্তত ভলীবল খেলৰ লগতে বিভিন্ন খেল খেলি সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ৷ অলিম্পিয়া ভলীবল ক্লাবে নাৰায়ণপুৰত জন্ম দিছে বহু প্ৰতিভাধৰ খেলুৱৈৰ ৷ লাভলীনাৰ দৰে যাতে নাৰায়ণপুৰৰ এই অঞ্চলটিৰ সম্ভাৱনাপূৰ্ণ খেলুৱৈসকলে গৌৰৱ কঢ়িয়াই আনিব পাৰে তাৰ প্ৰতিও গুৰুত্ব প্ৰদান কৰিছে ক্লাবটোৱে ৷

নাৰায়ণপুৰত অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিন উদযাপন

লগতে পঢ়ক :হুইল চেয়াৰেই সংগী অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ সতীৰ্থ থানেশ্বৰ সাউদৰ

ইফালে ক্ৰীড়াবিদ অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিনৰ এই বিশেষ দিনটোত গুৱাহাটী, যোৰহাট, বিশ্বনাথ, বোকাখাততো উদযাপন কৰা হয় অচিৰুচি ক্ৰীড়া দিৱস ৷ উল্লেখযোগ্য যে, ১৯৪০ চনৰ ৩ ছেপ্তেম্বৰৰ দিনটো অসম তথা অসমবাসীৰ বাবে এক গৌৰৱৰ দিন । এই দিনটোতে জন্মগ্ৰহণ কৰিছিল প্ৰথম অসমীয়া অৰ্জুন বঁটা বিজয়ী ক্ৰীড়াবিদ ভোগেশ্বৰ বৰুৱাই । অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ প্ৰতি সন্মান জনাই ১৯৮৪ চনৰ পৰা অসমজুৰি তিনি ছেপ্তেম্বৰৰ দিনটোত ‘অভিৰুচি ক্ৰীড়া দিৱস' পালন কৰা হৈছে ।

১৯৬৬ চনত বেংককত অনুষ্ঠিত হোৱা এচিয়ান গেমছত ভোগেশ্বৰ বৰুৱাই ৮০০ মিটাৰ দৌৰত সোণৰ পদক অৰ্জন কৰি এক নতুন অভিলেখ গঢ়ি তোলে ৷ এচিয়ান গেমছত সোণৰ পদক অৰ্জন কৰা ভোগেশ্বৰ বৰুৱাই হৈছে একমাত্ৰ অসমীয়া । যাৰ বাবে তেওঁক সেই বছৰ অৰ্থাৎ ১৯৬৬ চনত অৰ্জুন বঁটাৰে সন্মানিত কৰা হয় । অসম চৰকাৰেও তেওঁৰ প্ৰতি সন্মান জনাই প্ৰতি বছৰে ৩ ছেপ্তেম্বৰৰ এই বিশেষ দিনটো পালন কৰি আহিছে "অভিৰুচি ক্ৰীড়া দিৱস" ৷

লগতে পঢ়ক :ৰাজ্যৰ বিভিন্ন প্ৰান্তত উদযাপন অভিৰুচি ক্ৰীড়া দিৱস

ABOUT THE AUTHOR

...view details