লখিমপুৰ,৫ মে': ডুবাইত দুবাহুৰ শক্তিৰে দুটাকৈ পদক আজুৰি দেশক গৌৰৱান্বিত কৰিলে লখিমপুৰৰ আবেদ আলী হাজৰিকাই (Success of Panja player Lakhimpur) । এছিয়ান পাঞ্জা চেম্পিয়নশ্বিপ প্ৰতিযোগিতাত পদক লাভ কৰিলে আবেদ আলী হাজৰিকাই । ডুবাইত অনুষ্ঠিত একৈশ সংখ্যক এছিয়ান পাঞ্জা চেম্পিয়নশ্বিপত ভাৰতক প্ৰতিনিধিত্ব কৰি লখিমপুৰৰ আবেদ আলী হাজৰিকাই দুবাহুৰ শক্তিৰে ব্ৰঞ্জ আৰু চিলভাৰ পদক লাভ কৰিবলৈ সক্ষম হৈ দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে (World Panja Championship) ।
যোৱা ২৮ এপ্রিলৰ পৰা ৩ মে' লৈ ডুবাইত অনুষ্ঠিত হোবা একৈশ সংখ্যক এছিয়ান পাঞ্জা চেম্পিয়নশ্বিপ প্ৰতিযোগিতা অংশগ্রহণ কৰা কুৰিখনৰো অধিক দেশৰ খেলুৱৈৰ সৈতে যুঁজি ভাৰতৰ পৰা এই প্ৰতিযোগিতাত প্ৰতিনিধিত্ব কৰিবলৈ যোৱা দলটোৱে ১৮ টাকৈ পদক লাভ কৰিবলৈ সক্ষম হয় । ভাৰতক প্ৰতিনিধিত্ব কৰা দলটোৰ অন্যতম হ’ল লখিমপুৰ নগৰৰ ১৩ নং ৱাৰ্ডৰ কমলাবাৰী পথ নিবাসী আবেদ আলী হাজৰিকা (Abed Ali Hazarika wins medal at Panja Championship) ।
তেওঁ ইতিমধ্যে ৰাষ্ট্ৰীয় পৰ্যায়ত কেইবাৰো পাঞ্জা প্ৰতিযোগিতাত সন্মানিত হোৱাৰ লগতে শেহতীয়াকৈ হায়দৰাবাদত অনুষ্ঠিত ৰাষ্ট্ৰীয় পাঞ্জা প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক লাভ কৰে । এইবাৰ তেওঁ ৰাষ্ট্ৰীয় পাঞ্জা ফেডাৰেচনে ডুবাইত অনুষ্ঠিত হ’বলগীয়া একৈশ সংখ্যক বিশ্ব পাঞ্জা প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ নিৰ্বাচিত কৰে (21st World Panja Championship) ।